ৰাজ্যত সংঘটিত গণহত্যাৰ বিৰুদ্ধে আম আদমি পাৰ্টি অসমৰ প্ৰতিবাদ, মুখ্য মন্ত্ৰীলৈ স্মাৰক পত্ৰ

আম আদমী পাৰ্টিৰ প্ৰতিবাদ

ৰাজ্যত সংঘটিত গণহত্যা ৰোধৰ বাবে আজি গুৱাহাটী ক্লাৱত আম আদমি পাৰ্টিয়ে প্ৰতিবাদ সাব্যস্ত কৰে।

ৰাজ্যৰ সাধৰণ নাগৰিকৰ বৰ্বৰ গণহত্যাৰ লগত জড়িত সকলো দোষীকে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে শীঘ্ৰে উপযুক্ত শাস্তি প্ৰদানৰ দাবীৰ লগতে গণহত্যা ৰোধৰ ক্ষেত্ৰত এখন আইন বলবৎ কৰাৰ বাবে মুখ্য মন্ত্ৰীক আহ্বান জনায়।

কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ যোগেদি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে দলটোৱে।

হাতে হাতে প্লে কাৰ্ড লৈ গণ হত্যা বন্ধ কৰক, যোৰহাটৰ জয়ন্ত বৰাৰ মৃত্যুৰ উচিত তদন্ত কৰক আদি শ্লোগানেৰে প্ৰতিবাদকাৰী সকলে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।

 ‘ৰাজ্যৰ গণহত্যাৰ লগত জড়িত সকলো দোষীক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে শীঘ্ৰে উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনাইছো,’ কামৰূপ মহানগৰ জিলা সমন্বয়ক মাধুৰ্য্য শইকীয়াই কয়।

আনহাতে, অসম সন্তান ঋতুপৰ্ন পেগু, সনাতন ডেকা, জোনমনি কুটুম,দেৱাশিষ গগৈ,অভিজিৎ নাথ, নিলোৎপল দাস,ঝংকাৰ শইকীয়া এই লোক সকলক স্বাধীন গণতান্ত্ৰিক দেশত নৃশংসভাৱে হত্যা কৰা কাৰ্য্যৰো তীব্ৰ নিন্দা কৰে দলটোৱে।

স্মাৰক পত্ৰ যোগে মুখ্যমন্ত্ৰী সোণোৱালৰ ওচৰত দোষীক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে অতি শীঘ্ৰে উপযুক্ত তথা দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ দাবী জনাই আপে।

ৰাজ্যত যাতে এনেধৰণৰ জঘন্য অপৰাধ কৰিবলৈ পুনৰ কাৰো সাহস নহয় সেই কথা নিশ্চিত কৰাৰ লগতে গনহত্যা ৰোধ কৰাৰ বাবে এখন আইন বলবৎ কৰাৰ বাবে মুখ্য মন্ত্ৰীক আহ্বান জনায় দলটোৱে।

ইপিনে, যোৰহাট জিলাৰ বৰহোলাত জয়ন্ত বৰা নামৰ অসমীয়া যুৱকৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত কৰি  দোষীক শাস্তি প্ৰদানৰ বাবে স্মাৰক পত্ৰ যোগে মুখ্য মন্ত্ৰীক দাবী জনোৱাৰ লগতে জয়ন্ত বৰাৰ পৰিয়ালক চৰকাৰে উপযুক্ত ক্ষতিপূৰণ দিয়াৰ বাবেও আহ্বান জনায়।