১৭ ছেপ্টেম্বৰত ‘ক’লা দিৱস’ পালন কৰিব পাঞ্জাৱ আপ-এ

Punjab AAP

People attend a Maha Panchayat or grand village council meeting as part of a farmers' protest against farm laws in Muzaffarnagar in the northern state of Uttar Pradesh, India, September 5, 2021. REUTERS/Adnan Abidi

পাঞ্জাৱৰ মূখ্য বিৰোধী দল আপ-এ কেন্দ্ৰৰ তিনিখন কৃষি আইন গৃহীত কৰাৰ বৰ্ষপূৰ্তিৰ বাবে ১৭ছেপ্তেম্বৰ দিনটো ‘ক’লা দিৱস’ হিচাপে উৎযাপন কৰিব- এই কথা সদৰী কৰিছে পঞ্জাৱ আপ-ৰ নেতৃত্বই।

আম আদমি দলে কৃষি আন্দোলনৰ বিৰুদ্ধে চলি থকা বিদ্ৰোহত মৃত্যু হোৱা কৃষকসকললৈ শ্ৰদ্ধাঞ্জলি জনাই ৰাজ্যজুৰি মমবাতি জ্বলাই যাত্ৰা কৰিব।

আপৰ বিধায়ক কুলতাৰ সিঙ সন্ধওয়ানে এক বিবৃত্তি যুগে সদৰী কৰে যে নৰেন্দ্ৰ মোদীৰ কেন্দ্ৰ চৰকাৰৰ “ক’লা কৃষি আইন” গৃহীত কৰা বাবে সমগ্ৰ দেশৰ কৃষকসকল তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে।

তেওঁ আৰু কয় এই আইন কেইখনৰ বিৰুদ্ধে কেইবামাহো ধৰি কৃষকসকলে বিৰোধ প্ৰদৰ্শন কৰি আহিছে।

উল্লেখযোগ্য যে, ১৭ ছেপ্টেম্বৰ,২০২০ তাৰিখে এই ক’লা কৃষি বিধেয়ক তিনিখন সদনৰ মজিয়াত গৃহীত হয়।
সেয়ে ১৭ছেপ্তেম্বৰ দিনটো ক’লা দিৱস হিচাপে পালন কৰা হ’ব বুলি বিধায়ক গৰাকীয়ে কয়।

উল্লেখযোগ্য যে শিৰোমণি আকালি দলেও ১৭ছেপ্তেম্বৰ দিনটো ক’লা দিৱস হিচাপে পালন কৰে।

ইয়াৰোপৰি সদনত কৃষি আইন কেইখন পুনৰ বিচাৰ কৰিবলৈ দাবি জনাই আকালি দলৰ কৰ্মীয়ে দিল্লীৰ গুৰুদ্বাৰ ৰকাবগঞ্জৰ পৰা দিল্লীৰ সদনলৈ এক সমদল উলিওৱাৰ পৰিকল্পনা কৰিছে।

শিৰোমণি আকালি দলৰ নেতা দলজিৎ সিং সীমা বৃহস্পতি বাৰে কয় যে শুকুৰবাৰে এই সমদলৰ বাবে দিল্লী আৰক্ষীয়ে অনুমতি প্ৰদানৰ পৰা বিৰত আছে।

নেতা গৰাকীয়ে কয় যে শান্তিম্পূৰ্ণ বিৰোধৰ বাবে অনুমতি প্ৰদান নকৰাটো এক অগণতান্ত্ৰিক পদক্ষেপ। তথাপি, নিশ্চিত ভাৱে নিৰ্ধাৰিত দিনত প্ৰতিবাদী কাৰ্যসূচী হ’ব বুলি মন্তব্য আগবঢ়ায়।

বৃহৎ সংখ্যক আকালি দলৰ কৰ্মী পঞ্জাৱৰ বিভিন্ন প্ৰান্তৰ পৰা আহি মিছিলত অংশগ্ৰহণ কৰিবলৈ দিল্লীত উপস্থিত হৈছেহি।