NORTHEAST NOW (Assamese)

ঝাৰু এৰি হাতত পদুম তুলি ল’লে আপৰ ৱাৰ্ড মেম্বাৰে : বিজেপিত যোগদান কৰিলে উদিতা দাসে

February 19, 2023 8:11 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 19, 2023 8:48 pm

বিগত পৌৰসভা নিৰ্বাচনৰ জৰিয়তে অসমৰ ৰাজনীতিত ভৰি থৈছিল আম আদমী পাৰ্টিয়ে। পৌৰসভাৰ দুটা ৱাৰ্ড মেম্বাৰৰ পদত জয়ী হৈছিল আপৰ দুগৰাকী সদস্যাই। তাৰে এটা আছিল গুৱাহাটীৰ আৰু আনটো আছিল লখিমপুৰ পৌৰসভাৰ। লখিমপুৰ পৌৰসভাৰ ১৪ নং ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰ হিচাপে বিজয় সাব্যস্ত কৰিছিল আপৰ সদস্যা উদিতা দাসে।

উদিতা দাস লখিমপুৰত ৱাৰ্ড মেম্বাৰ হিচাপে বিজয়ী হোৱা খবৰটো বিয়পি পৰিছিল সমগ্ৰ ৰাজ্যত। উল্লেখ্য যে বিভিন্ন মাধ্যমত এই খবৰো উলাইছিল যে আপলৈ অহাৰ পূৰ্বে বিজেপিৰ মহিলা মৰ্চাৰ লগত জড়িত হৈ আছিল উদিতা দাস। কিন্তু সেই সম্পৰ্কে বিজেপি দল, আপ বা উদিতা দাসে কোনো স্পষ্টীকৰণ দিয়া নাছিল।

যি কি নহওক, শেহতীয়াকৈ আম আদমী পাৰ্টি ত্যাগ কৰি উদিতা দাসে বিজেপিত যোগদান কৰা কথাটোৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰাজ্যৰ সচেতন মহলৰ মাজত।

দেওবাৰে দিনত আনুষ্ঠানিকভাবে ভাৰতীয় জনতা পাৰ্টিৰ টুপী পিন্ধে আপৰ সদস্যা উদিতা দাসে। লখিমপুৰ জিলাৰ বিজেপিৰ সভাপতি ফণীধৰ বৰুৱা, বিধায়ক মানৱ ডেকাকে ধৰি ভালেমান বিজেপিৰ কৰ্মকতাৰ উপস্থিতিত আম আদমী পাৰ্টিত এক শূন্যতাৰ সৃষ্টি কৰি গেৰুৱা বাহিনীত যোগদান কৰে উদিতা দাসে।

উল্লেখ্য যে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ বাবে ইতিমধ্যে সকলো দলেই সাজু হৈ উঠিছে। এই সময়তে আম আদমী পাৰ্টিৰ দৰে এটি বিৰোধী দলৰ নেত্ৰীয়ে গেৰুৱা বাহিনীত যোগদান কৰা ঘটনাটোৱে ৰাজনৈতিক মহলত এক আলোড়ন তৈয়াৰ কৰিছে।

উদিতা দাসৰ ভাষ্য মতে তেওঁ আপৰ পৰা একো নোপোৱা বাবেই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে।

Related News