DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, March 29, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

নগাঁৱৰ যুৱকে হাইদৰাবাদত গৈ হত্যা কৰিলে নিজ সহোদৰক

তেওঁলোকৰ ভাড়াঘৰত সুৰাৰ পাৰ্টি হৈছিল। সুৰাৰ ৰাগীতে সামান্য কথাত কাজিয়াত লিপ্ত হৈছিল দুই ভাতৃ।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 19, 2023 9:28 pm
163
VIEWS
Share on FacebookShare on Twitter

নগাঁওৰ এজন ৩০ বছৰীয়া যুৱকে হায়দৰাবাদত মদ্যপান কৰি নিজৰ জ্যেষ্ঠ ভাতৃক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। অভিযুক্ত যুৱকগৰাকীৰ নাম অংকিত বৰা।

আৰ্থিক বিষয়ক লৈ অংকিত বৰাই ভাতৃ ৰঞ্জিত বৰা (৩২)ৰ সৈতে তীব্ৰ কাজিয়াত লিপ্ত হয়। পৰৱৰ্তী সময়ত অংকিতে ক্ষোভত চোকা অস্ত্ৰৰে ৰঞ্জিতক আক্ৰমণ কৰে। নৰ্থইষ্ট নাওক জনোৱা মতে, ৰঞ্জিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে থিতাতে মৃত্যু হয়।

জানিব পৰা মতে, ৰঞ্জিত বৰা, আৰু তেওঁৰ কনিষ্ঠ ভাতৃ অংকিত বৰা দুয়োজনে হায়দৰাবাদৰ ফিল্ম চেম্বাৰ এছ’চিয়েশ্যনত নিৰাপত্তাৰক্ষী হিচাপে কাম কৰিছিল। হায়দৰাবাদৰ বঞ্জাৰা হিলছ থানাৰ অন্তৰ্গত ফিল্ম চিটিৰ এটা ভাড়াঘৰত বাস কৰিছিল দুই ভাতৃয়ে।

নিৰাপত্তাৰক্ষীৰ পৰিদৰ্শক এম নৰেন্দৰে জনোৱা মতে তেওঁলোকৰ ভাড়াঘৰত সুৰাৰ পাৰ্টি হৈছিল। সুৰাৰ ৰাগীতে সামান্য কথাত কাজিয়াত লিপ্ত হৈছিল দুই ভাতৃ।

শনিবাৰে ৰঞ্জিত বৰাৰ মৃতদেহটো গান্ধী হাস্পতালৰ মৰ্গলৈ স্থানান্তৰিত কৰি মৰণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালক গতাই দিয়ে।

আৰক্ষীয়ে জনোৱা মতে, বঞ্জৰা হিলছ আৰক্ষীয়ে অংকিতক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাইছে আৰু আদালতে তেওঁক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

Recent News

বন্দুকৰ গুলী হেৰুওৱাৰ শাস্তি; সমগ্ৰ চহৰতে লকডাউন জাৰি কৰিলে কিম জং-উনে

বন্দুকৰ গুলী হেৰুওৱাৰ শাস্তি; সমগ্ৰ চহৰতে লকডাউন জাৰি কৰিলে কিম জং-উনে

ডোকলাম সন্দৰ্ভত ভূটানৰ মন্তব্যত উদ্বিগ্নতা বৃদ্ধি  ভাৰতৰ! কি কৈছিল প্ৰধানমন্ত্ৰী লোটে শ্বেৰিঙে?

ডোকলাম সন্দৰ্ভত ভূটানৰ মন্তব্যত উদ্বিগ্নতা বৃদ্ধি ভাৰতৰ! কি কৈছিল প্ৰধানমন্ত্ৰী লোটে শ্বেৰিঙে?

ঘোষণা হ’ল কৰ্ণাটক বিধান সভাৰ নিৰ্বাচনৰ তাৰিখ

ঘোষণা হ’ল কৰ্ণাটক বিধান সভাৰ নিৰ্বাচনৰ তাৰিখ

ধিক হিমন্তৰ স্বাস্থ্যখণ্ড ! চিকিৎসক নাই, অক্সিজেনৰ অভাৱত প্ৰাণ এৰিলে ১৮ মহীয়া শিশুৱে

ধিক হিমন্তৰ স্বাস্থ্যখণ্ড ! চিকিৎসক নাই, অক্সিজেনৰ অভাৱত প্ৰাণ এৰিলে ১৮ মহীয়া শিশুৱে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd