বিশ্বনাথত মুখ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ প্ৰতিকৃতি দাহ আছাৰ
সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছা-ৰ বিশ্বনাথ আঞ্চলিক সমিতিৰ উদ্যোগত প্ৰতাপগড় শাখা সমিতি আৰু মুখৰগড় শাখা সমিতিৰ সহযোগত আজি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ন কৰা হয়।
দৰাচলতে ৰাজ্যিক কেবিনেটে যোৱা ১৫ মাৰ্চত ওৰাং, মুণ্ডা, কল, ভিল, কয়া, চাওৰা, চৱৰ, খাৰিয়া, উঢ়িয়া আদি আদিবাসী জনগোষ্ঠীৰ জাতিগত প্ৰমাণ-পত্ৰ প্ৰদানৰ বাবে নৱ গঠিত চাহ জনজাতি জাতীয় সন্মিলনী নামৰ সংগঠনক দায়িত্ব প্ৰদান কৰা কাৰ্যক দুৰ্ভাগ্যজনক আখ্যা দি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই তীব্র প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা যায়।
লগতে পঢ়ক: মাজুলীত ১৪ বছৰীয়া কিশোৰীক ধৰ্ষণ: অভিযুক্তক গ্ৰেপ্তাৰ
চৰকাৰৰ এনে সিদ্ধান্ত কেতিয়াও মানি লোৱা নহ’ব বুলি উল্লেখ কৰি লগতে এই সিদ্ধান্ত শীঘ্ৰে প্রত্যাহাৰ নকৰিলে ৰাজ্যজুৰি ফাকুৱা উৎসৱৰ পাছতে গণতান্ত্রিকভাৱে জংগী আন্দোলনৰ কাৰ্যসূচী গ্রহণ কৰিব বুলি প্ৰতিবাদকাৰীসকলে জানিবলৈ দিয়ে ।
যদি ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বীৰছা মুণ্ডা, সিদ্ধু কানু মূৰ্মু , ড’ জয়পাল সিং মুণ্ডা আদিবাসী হ’ব পাৰে তেন্তে অসমত বসবাস কৰা ওৰাং, মুণ্ডা, কল, ভিল, কয়া, চাওৰা, চৱৰ, খাৰিয়া, উঢ়িয়াসকল কিয় আদিবাসী হ’ব নোৱাৰে বুলি আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদকাৰী সকলে প্ৰশ্ন উত্থাপন কৰে।