NORTHEAST NOW (Assamese)

কৰম পূজাৰ দিনটোত চৰকাৰী বন্ধ ঘোষণা কৰাৰ দাবীত মুখ্য মন্ত্ৰীলৈ আছাৰ স্মাৰক পত্ৰ

August 27, 2020 5:35 pm · নিৰ্মলেন্দু পাঠক

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) তিনিচুকীয়া জিলা সমিতিয়ে ভাদমাহৰ শুক্লা একাদশী তিথিত আদিবাসী সকলৰ জাতীয় উৎসৱ কৰম পূজাৰ দিনটোত চৰকাৰী বন্ধ ঘোষণা কৰাৰ দাবী জনাইছে।

সংগঠনটোৱে আজি তিনিচুকীয়া জিলা উপায়ুক্তৰ মাধ্যমেৰে এই সম্পৰ্কত অসমৰ মুখ্য মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

ভাৰতৰ অন্য অংশৰ লগতে অসমতো কৰম উৎসৱ উদযাপন কৰি আহিছে আদিবাসী ৰাইজে।

এই দিনটো চৰকাৰী ভাৱে বন্ধ ঘোষণা কৰাৰ লগতে বাগিচা সমূহ বন্ধ ৰখা ব্যৱস্থা কৰিবলৈ স্মাৰক পত্ৰ খনৰ যোগে আহ্বান জনায় সংগঠনটোৱে।

আছাৰ তিনিচুকীয়া জিলাৰ সভাপতি ৰাজা কুজুৰ আৰু সম্পাদক ৰামানুজ লাক্ৰাৰ স্বাক্ষৰিত স্মাৰক পত্ৰ যোগে কৰম পূজাৰ দিনা চৰকাৰী বন্ধ ঘোষণা কৰা, আদিবাসী ভাষা সংস্কৃতি গৱেষণা কেন্দ্ৰ স্থাপন কৰা, প্ৰতিখন বাগিছাতে কৰম ৰংগ মঞ্চ স্থাপন কৰাৰো দাবী জনায় আছাই।

Related News