• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেইবা বছৰৰ পৰা ২০% বোনাছ পোৱা চাহ শ্ৰমিকক লোকচান দেখুৱাই ৮.৩৩% বোনাছ; জাঙুৰ খাই উঠিছে “আছা”

বাগিচা কৰ্তৃপক্ষ আৰু চৰকাৰ তীব্ৰ আন্দোলনৰ সন্মুখীন হ’ব লাগিব : আছা

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
August 25, 2019 8:46 pm
AASAA

মাৰ্ঘেৰিটাত বোনাছ সম্পৰ্কীয় বিষয়ত এখন সংবাদমেল দি আছাৰ কেন্দ্ৰীয় নেতৃত্ব। ২৫ আগষ্টত।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা প্ৰায় ৮-১০ বছৰ ধৰি পূজাৰ সময়ত ২০ শতাংশ বোনাছ লাভ কৰি অহা ৰাজ্যৰ চাহ শ্ৰমিকক এইবাৰ লোকচানৰ দোহাই দি সৰ্বনিম্ন ৮.৩৩ শতাংশ বোনাছ দিবলৈ ওলোৱাত জাঙুৰ খাই উঠিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (All Adivasi Students’ Association Of Assam)।

যিসময়ত সকলো চৰকাৰী-বেচৰকাৰী খণ্ডত কৰ্মচাৰীৰ মজুৰি, দৰমহা বৃদ্ধি পাই আহিছে আৰু মানুহৰ জীৱন নিৰ্বাহৰ খৰচ ঊৰ্ধ্বমুখী হৈছে, বস্তুৰ দাম আকাশলংঘী হৈছে সেই সময়ত বাগিচাৰ লাখ লাখ শ্ৰমিকৰ জীৱনৰ প্ৰতি ইয়াক এক ভেঙুচালি আখ্যা দিছে সংগঠনটোৱে।

আজি সংগঠনটোৱে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত এখন সংবাদমেল দি এই বিষয়ত বাগিচা কৰ্তৃপক্ষ, Consultative Committee of Plantation Associations আৰু চৰকাৰলৈ সকীয়নি দি ইয়াৰ বাবে সৃষ্টি হ’ব পৰা সকলো অগ্নিময় পৰিস্থিতিৰ বাবে দায়বদ্ধ হ’ব লাগিব বুলি কয়।

Consultative Committee of Plantation Associations-এ বোনাছৰ এই নিম্নতম হাৰ ঘোষণা কৰাৰ পিছৰ পৰাই চাহ শ্ৰমিকসকলৰ মাজত ইয়াক লৈ ক্ষোভ সৃষ্টি হোৱা বুলি আছাৰ নেতৃত্বই নৰ্থ-ইষ্ট নাওক জানিবলৈ দিয়ে।

“যোৱা বহু বছৰ ধৰি ২০ শতাংশ বোনাছ দি অহা হৈছে। বোনাছৰ পৰিমাণ বাঢ়িব লাগে যি সময়ত সেই সময়তে আধাতকৈও কমাই দিয়া হৈছে। এইটো মুঠেই গ্ৰহণযোগ্য নহয়। কোনো বাগিচাৰ শ্ৰমিকে এইটোত সন্মন নহয়।” সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ নাগ আৰু প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক যোচেফ মিঞ্জে সংবাদ মেলত কয়।

২০ শতাংশ বোনাছ অবিহনে শদিয়াৰ পৰা ধুবুৰীলৈ চৰকাৰ আৰু বাগিচা কৰ্তৃপক্ষ তীব্ৰ আন্দোলনৰ সন্মুখীন হ’ব লাগিব বুলি হুংকাৰ দিয়ে সংগঠনটোৰ সভাপতিজনে।

তেওঁ চাহ শ্ৰমিকসকলৰ ৩৫০ টকাৰ মজুৰিৰ বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি বৰ্তমানেও অসাৰ হৈ থকা বুলি দাবী কৰি এতিয়া চাহ শ্ৰমিকক বোনাছকেইটাৰ পৰাও বঞ্চিত কৰিবহে খুজিছে বুলি কয়।

২০ শতাংশ বোনাছ নিদিলে চাহ বাগিচাসমূহত তলা লগাবলৈ আছা বাধ্য হ’ব বুলি মন্তব্য কৰি নাগে কয় যে বিজেপি চৰকাৰ গঠনত আছাৰ মুকলি সমৰ্থন আৰু ভূমিকা আছিল। কিন্তু চৰকাৰে আদিবাসী ৰাইজৰ সমস্যা সমাধান নকৰিলে ফল ভোগ কৰিব লাগিব বুলিও সকীয়াই দিয়ে৷

যোচেফ মিঞ্জে টেলিফোনৰ বাৰ্তালাপত কয় যে আছাই প্ৰতিবাদ নকৰিলেও চাহ বাগিচাৰ বঞ্চিত-শোষিত শ্ৰমিকে যিকোনো সময়ত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে।

বোনাছ সম্পৰ্কীয় কাৰণত পূৰ্বে হোৱা সংঘাতময় ঘটনাবোৰৰো উদাহৰণ দাঙি ধৰে মিঞ্জে।

উজনি অসমৰ ডুমডুমাৰ খোবাং চাহ বাগিচাত ২০০৪ চনত বোনাছ সম্পৰ্কীয় সংঘাতৰ বাবে ৫জনকৈ শ্ৰমিকে গুলীত প্ৰাণ হেৰুৱাব লগীয়া হৈছিল। তাৰোপৰি ২০০৫ চনত মোনাবাৰী চাহ বাগিচাতো ৰমেশ টংলা নামৰ এজন শ্ৰমিকৰ প্ৰাণ গৈছিল, মিঞ্জে কয়।

আনহাতে সৰ্বনিম্ন বোনাছ দিবলৈ ওলোৱা সত্ত্বেও অসম চাহ মজদুৰ সংঘই এষাৰো মাত নমতাত আশ্চৰ্য্য প্ৰকাশ কৰে সাধাৰণ সম্পাদক মিঞ্জে।

আজিৰ সংবাদমেলখনতেই তিনিচুকীয়া জিলা সমিতিখনৰ সভাপতি আৰু সম্পাদক ক্ৰমে ৰাজা কুজুৰ আৰু ৰামানুজ লাক্ৰাক অহা অক্টোবৰত অনুষ্ঠিত হ’ব লগা আছাৰ জিলা সমিতিৰ অধিৱেশন পৰ্যন্ত দায়িত্বত বাহাল থাকিব বুলি উল্লেখ কৰে৷

উল্লেখযোগ্য যে যোৱা ২০ আগষ্টত উত্তৰ-পূব চাহ সংস্থা বা নৰ্থ-ইষ্টাৰ্ন টী এছ’চিয়েশ্যনে এখন সংবাদমেল দি চাহ উদ্যোগে সন্মুখীন হোৱা বিপৰ্য্যয়ৰ ছবি দাঙি ধৰিছিল।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd