নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে নগাঁৱত গৰজি উঠিল ছাত্ৰ সন্থা-২৮ টা জনগোষ্ঠীয় সংগঠন

2d28b9e9-d6bd-4194-9033-98d694499fe8

নগাঁবত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আছু-২৮টা সংগঠনৰ প্ৰতিবাদ। ফটো : নৰ্থইষ্ট নাও

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে শনিবাৰে নগাঁৱত গৰজি উঠিল সদৌ অসম ছাত্ৰ সন্থাৰ লগতে ২৮ জনগোষ্ঠীয় সংগঠন। নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ছাত্ৰ সন্থা আৰু জনগোষ্ঠীয় নেতা-কৰ্মীসকলে বিধেয়কখন বাতিলৰ দাবীত বিভিন্ন ধ্বনি দি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

বিক্ষোভ কাৰী সকলে সৰ্বানন্দ সোণোৱাল মূৰ্দাবাদ, বিজেপি চৰকাৰ মূৰ্দাবাদ, অসম চৰকাৰ হায় হায়, শিলাদিত্য দেৱক গ্ৰেপ্তাৰ কৰক আদি  বিভিন্ন ধ্বনি দি নগাঁৱৰ পৰিৱেশ উত্তাল কৰি তোলে। এই বিক্ষোভ প্ৰদৰ্শন কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি মণিমাধৱ মহন্তই কয় – অসমীয়া জাতিক ধ্বংস কৰিব বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়ক আমি কোনো কাৰণতে মানি নলওঁ। চৰকাৰে বিধেয়কখন অতি শীঘ্ৰেই বাতিল কৰিব লাগে।

জাতি-মাতি-ভেটি শ্লোগানেৰে ক্ষমতা দখল কৰা অগপ-বিজেপি চৰকাৰৰ তথা ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা মুখ্যমন্ত্ৰী হোৱা সৰ্বানন্দ সোণোৱালক কঠোৰ সমালোচনা কৰি ছাত্ৰ নেতা মণিমাধৱ মহন্তই কয় যে অসমৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতি অনুসৰি সৰ্বানন্দই নাগৰিকত্ব বিধেয়কখনৰ বিৰুদ্ধে থিয় দিয়া উচিত। অসমৰ ৰাইজৰ অন্তৰত আঘাত নিদিওঁ বুলি কোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থত, অসমৰ স্বাৰ্থত কাম কৰি দেখুওৱাক। তেওঁ এতিয়া স্পষ্ট কৰক তেওঁ ৰাইজৰ পক্ষত আছেনে, বাংলাদেশীৰ পক্ষত আছে।

ছাত্ৰ নেতা মহন্তই মিত্ৰজোঁটৰ চৰকাৰক কঠোৰ সমালোচনা কৰি অসমত সাম্প্ৰদায়িক ৰাজনীতি নকৰিবলৈ সৰ্তক কৰি দিয়ে। চৰকাৰে ‘খেনোক দেখি ৰন্ধাবঢ়া-খেনোক দেখি দুৱাৰ বন্ধা’ নীতি পৰিত্যাগ কৰক। অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহা সকলো বিদেশীয়ে অসম ত্যাগ কৰিব লাগিব বুলি মন্তব্য কৰি ছাত্ৰ নেতা মহন্তই কয়, ‘’ইতিমধ্যে অসমে বিদেশীৰ বোজা গ্ৰহণ কৰি আছো যদিও আৰু বোজা নলও।‘’

এইক্ষেত্ৰত চৰকাৰক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাই মহন্তই লগতে কয় যে অসম চুক্তি অনুসৰি হোৱা এন আৰ চিৰ ব্যাঘাত জন্মাবৰ বাবে নাগৰিকত্ব আইন অসমত জাপি দিব বিচাৰিছে।

নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ দাবীত বিক্ষোভ প্ৰদৰ্শন কৰা অনুষ্ঠানটোত নগাঁও জিলা ছাত্ৰ সন্থা আৰু জিলাখনৰ ২৮ টা জনগোষ্ঠীয় সংগঠনৰ নেতাৰ সকলৰ লগতে সংগঠন কেইটাৰ প্ৰায় সহস্ৰাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে।