মাৰ্ঘেৰিটাৰ পৰাই আৰম্ভ হ’ব মুখ্য মন্ত্ৰী সৰ্বানন্দৰ গাদীচ্যুত অভিযান : আছু

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সমগ্ৰ ৰাজ্য প্ৰতিবাদেৰে উত্তপ্ত হৈ থকাৰ সময়তে কেব বাতিলৰ দাবীত মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই আজি উত্তাল বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।

মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থা আৰু ৩০ টাকৈ জাতি-জনগোষ্ঠীয় সংগঠনৰ আহ্বানত আজি উত্তৰ মাৰ্ঘেৰিটা ৰংগমঞ্চত খোল-তাল লৈ বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰি চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷

কেন্দ্ৰীয় চৰকাৰে বলপূৰ্বকভাৱে জাপি দিব বিচাৰা কেবৰ বিৰুদ্ধে আজি আছুকে ধৰি অসম জাতীয়তাবাদী যুৱ পৰিষদ, স্থানীয় মহিলা সমিতি সমূহ, মাৰ্ঘেৰিটাৰ বিশিষ্ট নাগৰিক আদি সকলোৱে অংশ গ্ৰহণ কৰি জাতি ধ্বংসী বিধেয়ক বাতিলৰ দাবীত অৱস্থান ধৰ্মঘট কৰে।

প্ৰতিবাদকাৰীসকলে, “নৰেন্দ্ৰ মোডী লেই লেই ছেই ছেই, সৰ্বানন্দ হায় হায়, তপন গগৈ লেই লেই ছেই ছেই, কেব আমাক নালাগে, তুমি যদি অসমীয়া ওলাই আহা, ওলাই আহা, হিমন্ত বিশ্ব কাম নাই, কাম নাই, সৰ্বানন্দ গ’ বেক, নৰেন্দ্ৰ মোদী গ’ বেক, বিজেপি গ’ বেক, বিজেপি মুৰ্দাবাদ, কেব আমি নামানো” আদি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰে।

মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি চিন্ত গগৈৰ নেতৃত্বত অনুষ্ঠিত হোৱা প্ৰতিবাদী কাৰ্যসূচীত আছু নেতা গৰাকীয়ে অসমৰ ৰাইজৰ স্বাৰ্থ পৰিপন্থী বিধেয়কখন কোনো পধ্য মানি লোৱা নহয় বুলি স্পষ্ট কৰি দিয়ে ।

তাৰোপৰি গগৈয়ে কয় যে মাৰ্ঘেৰিটাৰ পৰাই আৰম্ভ হ’ব মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গাদীচ্যুত আৰু এই অভিযান আছুৱে আজিৰে পৰা মাৰ্ঘেৰিটাৰ এই বিক্ষোভ স্থলীৰ পৰাই কৰিছে বুলি হুংকাৰ দিয়ে।

প্ৰতিবাদস্থলীত প্ৰাক্তন আঞ্চলিকতাবাদী নেতা দেবজিত বৰুৱা, আছু মাৰ্ঘেৰিটা আঞ্চলিকৰ ভাৰপ্ৰাপ্ত সম্পাদক ৰুপম বৰুৱা, জাতীয়তাবাদী নেতা অৱনি চলিহা আদি বহু কেইজন ব্যক্তিয়ে বক্তব্য আগবঢ়ায়।

বক্তা সকলে বিজেপি নেতৃত্বাধীন চৰকাৰখনক অসমৰ তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজৰ স্বাৰ্থৰ পৰিপন্থী বিধেয়কখন জাপি নিদিবৰ বাবে দাবী জনায়।