NORTHEAST NOW (Assamese)

‘১৪ এপ্ৰিলত প্ৰকাশ পাৱলগীয়া জে ডি য়ুৰ ইস্তাহাৰত থাকিব নাগৰিকত্ব বিধেয়ক বিৰোধী স্থিতি’

April 11, 2019 6:00 pm · এন ই নাও নিউজ
জে ডি য়ুৰ নেতা কে চি ত্যাগীক সাক্ষাতৰ সময়ত আছু আৰু নেছ'ৰ প্ৰতিনিধি

নাগৰিকত্ব বিধেয়ক ৰাজ্যসভাত উত্থাপনত ব্যৰ্থ হলেও পুনৰবাৰ কেন্দ্ৰত বিজেপি চৰকাৰ আহিলে বিধেয়কখন উত্থাপন কৰাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি সদৌ অসম ছাত্ৰ সন্থা আৰু নেছ’ৰ প্ৰতিনিধিসকলে দিল্লীত বিধেয়ক সম্পৰ্কীয় নিজৰ কূচকাৱাজ অব্যাহত ৰাখিছে।

আছু আৰু নেছ’ৰ প্ৰতিনিধিয়ে বুধবাৰে নতুন দিল্লীত জনতা দল য়ুনাইটেডৰ জেষ্ঠ নেতা কে চি ত্যাগীক সাক্ষাৎ কৰি বিধেয়ক প্ৰসংগত দলটোৰ স্থিতি সম্বন্ধে আলোচনাত মিলিত হয়। আছুৰ সভাপতি দীপাংক নাথ, আছু আৰু নেছ’ৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই জে ডি য়ুৰ জেষ্ঠ নেতাগৰাকীক সাক্ষাৎ কৰি বিধেয়কখনৰ বিৰুদ্ধে সদনৰ ভিতৰে আৰু বাহিৰে বিৰোধিতা কৰাৰ বাবে পুনৰ আহ্বান জনায়।

আনহাতে, ত্যাগীয়ে আছু আৰু নেছ’ৰ প্ৰতিনিধিৰ আগত ১৪ এপ্ৰিলত পাটনাত প্ৰকাশ পাৱলগীয়া দলটোৰ নিৰ্বাচনী ইস্তাহাৰত নাগৰিকত্ব বিধেয়কৰ প্ৰসংগ উল্লেখ থাকিব বুলি প্ৰতিশ্ৰুতি দিয়াৰ লগতে অসম আৰু উত্তৰ-পূৱৰ অস্তিত্বৰ প্ৰতি ভাবুকি অনা বিধেয়কখন গৃহীত হবলৈ নিদিয়ে বুলি কয়।

জে ডি য়ুৰ নেতাজনে তেওঁলোকৰ সমৰ্থন নোহোৱাকৈ বিজেপিয়ে বিধেয়কখন গৃহীত কৰিবলৈ কেতিয়াও সফল নহয় বুলিও মন্তব্য কৰে।

Related News