• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গণতান্ত্ৰিক আন্দোলনক দমনৰ চেষ্টা কিয়? আছুৰ সৈতে বিজেপিৰ সংঘাতৰ পৰিণাম কি হ’ব পাৰে?

ৰাজেন শৰ্মা by ৰাজেন শৰ্মা
January 31, 2019 4:48 pm
Himanta vs Assu
1.1k
VIEWS
Share on FacebookShare on Twitter

অসমত নানা বিতৰ্কৰ মাজতো জাতীয়তাবাদী ধাৰাক প্ৰতিনিধিত্ব কৰি অসমীয়া জাতীয় সত্ত্বাক ধৰি ৰখাৰ চেষ্টাত ব্ৰতী হৈ থকা সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুক অসমৰ জলন্ত সমস্যাৰ বিষয়ৰ পৰা অঁতৰাই ৰখাৰ অপচেষ্টা কৰাটো মুৰ্খামিৰ নামান্তৰ বুলিহে ক’ব পাৰি।হয়, আছুৰ ইতিহাস আন্দোলনৰ ইতিহাস। কিন্তু সেই আন্দোলনৰ ভাষা ভাৰতীয় ঐতিহ্য-পৰম্পৰা বহন কৰা অহিংসা নীতিৰে পৰিচালিত গণতান্ত্ৰিক প্ৰতিবাদৰ আন্দোলন।ক’বলৈ গ’লে আছুৰ শক্তিশালী স্থিতিৰ সেয়াও এক অন্যতম কাৰণ।

অসমত বিজেপিৰ উত্থানৰ আঁৰত আছুৰ ভূমিকা অনস্বীকাৰ্য। অৱশ্যে, সেয়া প্ৰত্যক্ষভাৱে নহয় যদিও পৰোক্ষভাৱে সম্পূৰ্ণ সত্য। আছুৰ ইতিহাসত যিমান আন্দোলন কৰা হৈছে তাৰ প্ৰায় সকলোখিনিয়েই তদানীত্বন শাসনাধীষ্ঠ কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে হৈছে। সেয়েহে, কংগ্ৰেছ বিৰোধী হিচাপে আছুৰ এক প্ৰতিষ্ঠিত পৰিচয় গঢ়ি উঠিছে। আনহাতে,বিজেপিৰ সৈতে আছুৰ সম্পৰ্ক সংঘাতপূৰ্ণ নাছিল যদিও আঞ্চলিকতাবাদক নি:শেষ কৰাৰ বিজেপিৰ যি লক্ষ্য তাতেই আছুৰ লগত বিজেপিৰ সংঘাতৰ সূত্ৰপাত ঘটিছে। চাবলৈ গ’লে কংগ্ৰেছ আৰু বিজেপিৰ দৃষ্টিভংগীৰে আঞ্চলিক জাতীয়তাবাদ কোনোপধ্যেই সুৰক্ষিত নহয়।

স্বাভাৱিকতেই নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ অসমৰ আঞ্চলিক জাতীয়তাবাদৰ পৰিপন্থী। ভাৰতীয় সংবিধানৰ কাঠামোত আঘাত সনাৰ সমান্তৰালকৈ ই অসমীয়া আঞ্চলিক জাতীয়তাবাদকো সংকটৰ মাজলৈ ঠেলি দিব। অসমৰ জনসাধাৰণৰ ভীতি-শংকাক আওকান কৰি কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰিব খোজা নাগৰিকত্ব বিধেয়কক লৈ এতিয়া আছু আৰু বিজেপিৰ সংঘাত বৃদ্ধি পোৱাই নহয়, বহুসময়ত দুয়োপক্ষই সন্মুখ সমৰত অৱতীৰ্ণ হোৱাও দেখা গৈছে। বিজেপিয়ে সংসদীয় ৰাজনীতিৰ সংখ্যাৰ শক্তিৰে অসমীয়া জনসাধাৰণক উপহাস কৰিবলৈ আগবাঢ়িছে। ইয়াৰ পৰিণতি এক সৰ্বনাশী গোষ্ঠী সংঘাতৰ দিশে গতি কৰিছে।

বিজেপিয়ে আছুক লক্ষ্য কৰি লোৱাৰ উদ্দেশ্য হৈছে এই সংগঠনটোৱে সুদীৰ্ঘদিন ধৰি অসমৰ জাতীয় জীৱনক ব্যাপকভাৱে প্ৰভাৱিত কৰি আহিছে। তদুপৰি, ৰাজ্যখনৰ বিভিন্ন জলন্ত সমস্যাৰ ক্ষেত্ৰত আছুৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সম্পূৰ্ণ গণতান্ত্ৰিক আন্দোলনেৰে জনসাধাৰণৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰা আছুৱে অসমৰ বিদেশী বহিস্কাৰৰ দাবীত কৰা আন্দোলনটোৱে সমগ্ৰ বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। সেই সময়ৰে পৰা আছুক অসমৰ জাতীয় জীৱনৰ প্ৰতিনিধিত্ব কৰা মূল শক্তি হিচাপে গণ্য কৰি অহা হৈছে।

বিগত ২০১৬’ৰ বিধানসভাৰ নিৰ্বাচনত বিজেপিয়ে অসমত ক্ষমতা লাভৰ ক্ষেত্ৰত আছুৰ ভূমিকা নি:সন্দেহে প্ৰণিধানযোগ্য। পৰিৱৰ্তনৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আছুৱেও প্ৰতিষ্ঠান বিৰোধী পক্ষত মাত মাতিছিল। আছুৰ স্থিতিৰ বাবে বিজেপিয়ে এই নিৰ্বাচনত অভূতপূৰ্ব সফলতা লাভ কৰিবলৈ সক্ষম হ’ল। তদুপৰি, এই আছুকে প্ৰতিনিধিত্ব কৰি অহা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বৰ প্ৰতি আছুৰ সমৰ্থনৰ যুক্তিসংগত কাৰণো আছিল। অসমৰ দীৰ্ঘদিনীয়া বিদেশী সমস্যাটোৰ এটা সফল সমাপ্তি বিচাৰিছিল আছুৱে। কিয়নো পৰিৱৰ্তনকামী চৰকাৰখনে অসমৰ এই সমস্যাটোৰ জৰিয়তে অসমৰ সংখ্যাগৰিষ্ঠ জনসাধাৰণৰ মনক শংকিত কৰি ৰখা বিষয়টো সন্দৰ্ভত সঠিক পদক্ষেপ গ্ৰহণ কৰিব বুলিও আশা কৰিছিল।

বিজেপিয়ে নোৱাৰিলে। অসমৰ জাতীয়তাবাদী চিন্তা চেতনাৰে পুষ্ট জনসাধাৰণক লগত লৈ আগবাঢ়িব বুলি ভবা বিজেপি থমকি ৰ’ল। হিন্দুত্বৰ এজেণ্ডাক আগবঢ়াই লৈ যাবলৈ বাঙালী হিন্দু বাংলাদেশীৰ সংস্থাপনৰ দিশত বিজেপি অধিক তৎপৰ হৈ পৰিল। বিজেপিৰ এনে কাৰ্যসূচীক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁলোকে আছুক প্ৰধান বাধা হিচাপে চিনাক্ত কৰিলে। সেয়েহে, আছুৰ শক্তি নিশকটীয়া কৰাৰ বাবে আৰম্ভ কৰা হ’ল এক কৌশলী অভিযান। প্ৰথমতে উজনি অসমৰ চিলাপথাৰত এই অভিযানৰ পাতনি মেলিলে এজন আমদানিকৃত বাঙালী নেতা সুবোধ বিশ্বাসৰ জৰিয়তে। আছুৰ কাৰ্যালয় ভাঙি বীৰত্ব প্ৰদৰ্শনেৰে যেন সকীয়াই দিলে আমি আহি আছো, আছু সাৱধান।

সেইবাৰ বিজেপি চৰকাৰৰ মুখ্য মন্ত্ৰী তথা গৃহ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গ্ৰহণ কৰা দৃঢ় স্থিতিৰ বাবে সুবোধ সৰকাৰৰ কৌশল ব্যৰ্থ হ’ল। কিন্তু সেই অভিযান গোপনে, সন্তৰ্পণে চলি থাকিল আৰু আজি মুকলিকৈ বিজেপিয়ে আছুক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈ পৰিল। এটা গণতান্ত্ৰিক পৰম্পৰাৰে ক’লা পতাকা প্ৰদৰ্শনেৰে প্ৰতিবাদ সাৱ্যস্ত কৰা আছু কৰ্মীক আৰক্ষী আৰু বিজেপি কৰ্মীয়ে আক্ৰমণৰ লক্ষ্য কৰি ল’লে। নেতৃত্বত এইবাৰ সুবোধ বিশ্বাসৰ স্থানত হিমন্ত বিশ্ব। তাৎপৰ্যপূৰ্ণভাৱে এইবাৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ পৰিৱেশটো মুখ্য মন্ত্ৰী সোণোৱালৰ সপক্ষে নাথাকিল। বৰঞ্চ সোণোৱালক আছু তথা অসমৰ জাতীয়তাবাদী শিৱিৰত অপ্ৰাসংগিক কৰি তোলাৰ এক ষড়যন্ত্ৰহে যেন ৰচিত হ’ল, তেনে লাগিল।

শেহতীয়াকৈ সংঘটিত হোৱা বিজেপি-আছুৰ সংঘাতৰ বাবে চৰকাৰখনত থকা প্ৰাক্তন জাতীয়তাবাদী নেতাসকলো জগৰীয়া। আছু-সৃষ্ট অগপক ৰাজপথলৈ উলিয়াই পঠোৱাৰ পাছত এইবাৰ আছুৰ বিৰুদ্ধে লাগি পৰিছে বিজেপি।কিন্তু এই কথাও বিজেপিয়ে মনত ৰখা ভাল হ’ব যে অগপ এটা ৰাজনৈতিক দল হোৱাৰ বিপৰীতে আছু হৈছে এটা শক্তিশালী ছাত্ৰ সংগঠন। আছুক নি:শেষ কৰাটো সিমান উজু নহয়। সংকটৰ সময়ত আছুৱে অসমৰ জনসাধাৰণক লগত লৈ সদায়েই গণ আন্দোলনৰ নেতৃত্ব দি আহিছে। বিজেপিত থকা জাতীয়তাবাদী শিৱিৰৰ নেতাসকলে এইক্ষেত্ৰত মৌনতা অৱলম্বন কৰি দৰাচলতে এক আত্মঘাতী কাৰ্য কৰা যেনহে বোধ হয়। মনত ৰখা ভাল, দিন বেয়া আহিলে কাইলৈ তেওঁলোকৰ সৈতে থাকিবলৈ কোনো জাতীয়তাবাদী শক্তিয়েই সাজু নাথাকিব।

বৰ্তমান পৰিস্থিতিত বিজেপি-আছুৰ সংঘাতে অসমৰ পৰৱৰ্তী ৰাজনৈতিক পট পৰিৱৰ্তনৰ ক্ষেত্ৰতো প্ৰভাৱ পেলাব। বিজেপিৰ যিসকল নেতাই শৰাইঘাটৰ ৰণ বা পানিপথৰ যুদ্ধৰ কথা কৈ আছে তেওঁলোকে বুজা উচিত যে সেয়া শৰাইঘাটেই হওক বা পানিপথেই হওক তাৰ নেতৃত্ব কিন্তু আছুৰ দৰে জাতীয় সংগঠনেহে দিব লাগিব। কিয়নো অসমৰ অসমীয়াই জাতীয় পৰিচয়ক বাদ দি দেচোৱালী সংস্কৃতি আকোঁৱালি ল’বলৈ কেতিয়াও বাধ্য নহয়।

Recent News

দেশমাতৃৰ ৰক্ষাৰ বাবে ছহিদ বৰণ শ্ৰমিক সন্তানৰ : পাক সেনাৰ গোলাবৰ্ষণত নিহত ২৫ বছৰীয়া সেনা জোৱান

দেশমাতৃৰ ৰক্ষাৰ বাবে ছহিদ বৰণ শ্ৰমিক সন্তানৰ : পাক সেনাৰ গোলাবৰ্ষণত নিহত ২৫ বছৰীয়া সেনা জোৱান

‘অপাৰেশ্যন সিন্দূৰ’ সন্দৰ্ভত আপত্তিজনক ৱাটছএপ ষ্টেটাছ! নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যাপিকা

‘অপাৰেশ্যন সিন্দূৰ’ সন্দৰ্ভত আপত্তিজনক ৱাটছএপ ষ্টেটাছ! নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যাপিকা

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিলে স্বতন্ত্ৰ নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিলে স্বতন্ত্ৰ নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd