মূল্যবৃদ্ধিৰ প্ৰতিবাদত পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাই দাহ কৰিলে যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ প্ৰতিমূৰ্তি

মূল্য বৃদ্ধিৰ প্ৰতিবাদত পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাই দাহ কৰিলে যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ প্ৰতিমূৰ্তি।

আজিৰ তাৰিখত বজাৰত জুই লাগিছে।

হাহাকাৰ অৱস্থা সৰ্বসাধাৰণ ৰাইজৰ। বজাৰলৈ গৈ মূৰে কপালে হাত দিছে সৰ্বসাধাৰণ ৰাইজে।

আজি পশ্চিম বংশৰ আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত লাহৰ শ্বহীদ বেদী চকত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আছুৱে।

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আছুৱে দাহ কৰিলে যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ প্ৰতিমূৰ্তি।

ৰঞ্জিত দাস হায় হায় পেট্ৰলিয়াম মন্ত্ৰী ৰামেশ্বৰ টেলি মূর্দাবাদ ধ্বনিৰে উত্তাল পৰিবেশৰ সৃষ্টি কৰিলে পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাই।

প্ৰতিবাদস্থলীৰ পৰাই অতি শীঘ্ৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৰোধ কৰাৰ বাবে দাবী জনালে পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাই।