মাৰ্কশ্বীটকলৈ ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্ত নাভূত-নাশ্ৰুত, ছাত্ৰ-ছাত্ৰীয়ে ন্যায় পাব লাগিব : সমুজ্জ্বল ভট্টাচাৰ্য্য

kjkj

মেট্ৰিক আৰু হায়াৰ চেকেণ্ডেৰীৰ চূড়ান্ত পৰীক্ষাৰ মাৰ্কশ্বীটকলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি এইখন মাৰ্কশ্বীট কোনোধৰণৰ চাকৰিৰ আবেদন প্ৰক্ৰিয়াত ব্যৱহাৰ কৰিব নোৱাৰিব বা তাৰ বাবে উপযুক্ত নহ’ব, বৰঞ্চ কেৱল নামভৰ্তিৰ বাবেহে ছাত্ৰ-ছাত্ৰীয়ে এই মাৰ্কশ্বীট ব্যৱহাৰ কৰিব পাৰিব।

ইয়াৰ পাছতে ৰাজ্যৰ বিভিন্ন জাতীয় সংগঠন, ছাত্ৰ সংগঠনে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ এই সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে।

শেহতীয়াকৈ ইয়াক লৈ সৰৱ হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা। মাৰ্কশ্বীটক লৈ ৰাজ্য চৰকাৰৰ সিদ্ধান্তক নাশ্ৰুত-নাভূত বুলি উল্লেখ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই।

তেওঁ লগতে কয় ‘কমিটিৰ প্ৰতিবেদনৰ ৫ নং দফা কোনোপধ্যেই মানি ল’ব নোৱাৰি। অন্য দফাসমূহ ৰাজ্য চৰকাৰে শীঘ্ৰে কাৰ্য্যকৰী কৰিব লাগে। আমি কৈছো যে ছাত্ৰ-ছাত্ৰীসকলে ন্যায় পাব লাগে। ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত, সুৰক্ষিত স্বাস্থ্য আৰু স্বাৰ্থ সুৰক্ষিত হ’ব লাগিব বুলি পূৰ্বৰে পৰা কৈ আহিছো।‘

চৰকাৰৰ শিক্ষাবিভাগৰ এই সিদ্ধান্ত কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰি সমুজ্জ্বল ভট্টাচাৰ্য্যই এই সিদ্ধান্ত পুনৰ বিবেচনা কৰি প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰক আহ্বান জনায়।

‘ছাত্ৰ-ছাত্ৰীৰ জীৱনটোক আগুৱাই নিবলৈ দেখা সপোন ভাঙি যাব আৰু চৰকাৰৰ এই সিদ্ধান্ত ছাত্ৰ-ছাত্ৰীৰ ওপৰত মাধমাৰ। ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি নেখেলিবলৈ ৰাজ্য চৰকাৰক সকীয়াই দিছো— সমুজ্জ্বল ভট্টাচাৰ্য্যই হুংকাৰ দি এইদৰে কয়।

এই সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীলৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে বুলি জানিবলৈ দিয়ে ভট্টাচাৰ্য্যই।