NORTHEAST NOW (Assamese)

নগাঁওৰ ঘটনাটো মুখ্যমন্ত্ৰীৰ অত্যাচাৰী ৰাজত্বৰ এটা প্ৰতিফলন: ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

January 24, 2022 7:31 am · ৰিনয় বসুমতাৰী, কোকৰাঝাৰ

দেওবাৰে নিশা কোকৰাঝাৰত উপস্থিত হোৱা আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই নগাঁৱত আৰক্ষীয়ে ছাত্ৰনেতাক গুলীওৱা ঘটনা সন্দৰ্ভত কিছু  বিস্ফোৰক মন্তব্য কৰে।

তেওঁ কয় যে অসমত পুলিচীৰাজ চলিব দিয়া নহ’ব। অত্যাচাৰী ৰাজত্ব চলিবলৈ দিয়া নহব ।

নগাঁওৰ ঘটনাটো মুখ্যমন্ত্ৰীৰ অত্যাচাৰী ৰাজত্বৰ এটা প্ৰতিফলন বুলি অভিহিত কৰে আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে।

লগতে পঢ়ক: ছাত্ৰনেতা কীৰ্তিকমল বৰাক গুলীয়াই আহত কৰাৰ ঘটনাৰ নগাঁৱত তীব্ৰ প্ৰতিক্ৰিয়া

তেওঁ কয়, ‘’নগাঁওৰ ঘটনাৰ দোষীয়ে শাস্তি পাব লাগিব।‘’

অসমত পুলিচৰ সন্ত্ৰাসৰ ৰাজত্ব চলিছে বুলি উল্লেখ কৰি তেওঁ সকীয়াই দিয়ে যে অসমত হিটলাৰী শাসন নচলিব।

অসমত গণতন্ত্ৰ নাই , পুলিচতন্ত্ৰ চলিছে বুলি কোৱাৰ লগতে তেওঁ স্পষ্ট কৰি দিয়ে যে ৰাজ্যত মুক্তহত্যাৰ ৰাজত্ব চলিব নোৱাৰিব।

লগতে পঢ়ক:প্ৰাক্তন ছাত্ৰ নেতাক আৰক্ষীৰ গুলী: নগাঁওৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নিলম্বন দাবী অখিল গগৈৰ

তাৎপৰ্যপূৰ্ণভাৱে আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে লগতে প্ৰশ্ন উত্থাপন কৰে যে ‘’মুখ্যমন্ত্ৰীয়ে আৰক্ষী বিষয়াসকলক লৈ সভা পতাৰ পিছতে এনে ঘটনা সংঘটিত হোৱাই কি সূচায় ?’’

Related News