ৰাজ্যসভা অধিৱেশনৰ সমান্তৰালকৈ অসমজুৰি জ্বলিব জোঁৰৰ জুই

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্য্যসূচী ঘোষণা আছু-৩০টা সংগঠনৰ

AASU on India's New Education Policy 2020

প্ৰতীক আছুৰ।

৩১ জানুৱাৰিত ৰাজ্যসভাৰ অধিৱেশন আৰম্ভ হোৱাৰ সমান্তৰালকৈ অসমৰ জিলাই জিলাই জ্বলিব নাগৰিকত্ব বিধেয়ক বিৰোধী সহস্ৰ জোঁৰ, মঙলবাৰে ঘোষণা আছুৰ।

বিতৰ্কিত বিধেয়কখন লোকসভাত সংখ্যাগৰিষ্ঠতাৰ বলত গৃহীত কৰোৱাৰ পিছত আসন্ন অধিৱেশনত ৰাজ্যসভাটো পাৰণ কৰিবলৈ শাসকীয় বিজেপিয়ে কৰা অংগীকাৰৰ বিৰুদ্ধে আছু আৰু ৩০টা সংগঠনে ঘোষণা কৰিছে এই প্ৰতিবাদী কাৰ্য্যসূচী।

গেৰুৱা দলটোৰ প্ৰচেষ্টাৰ বিপৰীতে বিধেয়ক বিৰোধী আন্দোলন তীব্ৰতৰ কৰি গাঁৱে-ভূঞে আগুৱাই নিয়াৰ বাবে সংগঠন কেইটাই আন কেতবোৰ কাৰ্য্যসূচীও হাতত লোৱা বুলি মঙলবাৰে জনাইছে সদৌ অসম ছাত্ৰ সন্থাই।

৩১ জানুৱাৰিৰ পিছতে ৪ ফেব্ৰুৱাৰিত আছু আৰু ৩০টা জনগোষ্ঠীয় সংগঠনৰ সকলো আঞ্চলিক-শাখাই পুৱা ৬ বজাৰ পৰা ৪ বজালৈ ১০ ঘণ্টীয়া অনশন কৰিব। সমান্তৰালভাৱে গাঁৱে-ভূঞে চলিব ইতিমধ্যেই আৰম্ভ কৰা গাওঁ সভা আৰু ৰাইজ সভা।

তাৰোপৰি কংগ্ৰেছকে ধৰি সকলো বিৰোধী দলকে ৰাজ্যসভাত উপস্থিত থাকি বিধেয়কখনৰ বিৰুদ্ধে ভোট দিবলৈ আহ্বান জনাইছে ছাত্ৰ সন্থা, ৩০টা সংগঠন আৰু নেছ’ই। তেওঁলোকে বিৰোধীৰ উপৰি বিজেপিৰ সহযোগী এন ডি এ’ৰ দলসমূহকো বিধেয়কৰ বিৰোধিতা কৰিবলৈ অনুৰোধ জনায়।

ছাত্ৰ সন্থাই লগতে কয় বিধেয়কখন বাতিলৰ ক্ষেত্ৰত কংগ্ৰেছে ৰাজ্যসভাত কি ভূমিকা লয় সেয়া ৰাইজে লক্ষ্য কৰি আছে।

বিধেয়কৰ বিৰোধিতা কৰা বিহাৰৰ শাসনাধীন তথা এন দি এ’ৰ সহযোগী জনতা দল (ইউনাইটেড)কো বাকী দলসমূহক বিধেয়কৰ বিৰুদ্ধে একত্ৰিত কৰিবলৈ আহ্বান জনায় ছাত্ৰ সন্থাই।