• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসম চুক্তিৰ আধাৰত চিনাক্ত বিদেশীক বহিষ্কাৰৰ দাবী আছুৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 10, 2019 10:04 am
nationalherald_2018-06_49954759-51b6-4e2f-b57e-31db4f44c738_all_parties_in_assam_opposed_to_citizenship_amendment_bill_except_bjp_1-1140x570

আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। ফাইল ফটো

962
VIEWS
Share on FacebookShare on Twitter

বাংলাদেশ আৰু ভাৰত চৰকাৰৰ মাজত অবৈধ বিদেশী বহিষ্কাৰৰ বাবে দ্বিপাক্ষিক চুক্তি সম্পাদন কৰাৰ দাবী তুলিছে আছুৱে। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত বিদেশী সংক্ৰান্তীয় গোচৰৰ শুনানিত উপস্থিত থকা আছুৰ মুখ্য উপদেষ্টা ড০সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এই দাবী উত্থাপন কৰিছে।

অসম চুক্তিৰ আধাৰত অবৈধ বিদেশীক বহিষ্কাৰ কৰাৰ দাবী দোহাৰি ড০ ভট্টাচাৰ্যই কয়,’’অসম চুক্তিৰ আধাৰত চিনাক্ত হোৱা অবৈধ বিদেশীক বহিষ্কাৰ কৰক। ভাৰত আৰু বাংলাদেশ চৰকাৰৰ মাজত উচ্চস্তৰৰ কূটনৈতিক আলোচনা অনুষ্ঠিত কৰক। অবৈধ বাংলাদেশী বহিষ্কাৰৰ বাবে শীঘ্ৰেই দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক চুক্তি সম্পাদনৰ বাবে খৰতকীয়া ব্যৱস্থা গ্ৰহণ কৰক।‘’

ভট্টাচাৰ্যই কয়,’’ অসম চুক্তি অনুসৰি ১৯৭১ চনৰ আগেয়ে অহা হিন্দু-মুছলমান সকলো নাগৰিকে অসমত থাকিব পাৰিব। ৭১’ৰ পাছত অহা হিন্দু-মুছলমান সকলো অবৈধ বাংলাদেশী নাগৰিকৰ বহিষ্কাৰ হ’ব লাগিব।‘’

তেওঁ লগতে কয় যে চুক্তি অনুসৰি চিনাক্ত হোৱাৰ পাছত হেৰাই যোৱা বিদেশীক ৰাজ্য চৰকাৰে কৰায়ত্ত কৰক আৰু উভয় চৰকাৰে বহিষ্কাৰৰ ব্যৱস্থা গ্ৰহণ কৰক। চুক্তি অনুসৰি বিদেশী চিনাক্ত হৈ ডিটেনশ্যন কেম্পত থকা অবৈধ বিদেশীক বহিষ্কাৰৰ বাবে উভয় চৰকাৰে ব্যৱস্থা লওক।

আনহাতে, ডিটেনশ্যন কেম্পত থকা অবৈধ বাংলাদেশীক চৰ্তসাপেক্ষে মুকলি কৰি দিলে ই ভুল ইংগিত বহন কৰিব বুলি উল্লেখ কৰি ভট্টাচাৰ্যই কয় যে ই অবৈধ অনুপ্ৰৱেশক উদ্গনি যোগাব।

অসম চুক্তি মৰ্মে সকলো অবৈধ বাংলাদেশী নাগৰিকক বহিষ্কাৰৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰৰ প্ৰতি আছুৰ উপদেষ্টাগৰাকীয়ে আহ্বান জনায়।

Recent News

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd