পকী দলঙৰ বাবে আৰু কিমান অপেক্ষা! ৰাজনৈতিক নেতাৰ লিখিত প্ৰতিশ্ৰুতি বিচাৰিলে আছুৱে
পকী দলং নিৰ্মাণৰ দাবীত মাৰ্ঘেৰিটা সমষ্টিৰ লিডু বৰুৱা ঘাটত আছু মাৰ্ঘেৰিটা আঞ্চলিক সমিতি আৰু লিডু শাখাৰ কৰ্মীসকলে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।
এতিয়া নিৰ্বাচনৰ বতৰ আৰু বিভিন্ন ৰাজনৈতিক দলৰ নেতাই আশ্বাস আৰু প্ৰতিশ্ৰুতি দিব ৰাইজক।
কিন্তু এইবাৰ মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত লিডু বৰুৱা ঘাট অঞ্চলৰ ৰাইজক দিব লাগিব পকীদলং নিৰ্মাণ কৰি দিয়াৰ লিখিত প্ৰতিশ্ৰুতি।
এইবাৰ ৰাজনৈতিক দল সমূহৰ প্ৰাৰ্থী সকলে অঞ্চলটোত নিৰ্বাচন প্ৰচাৰ চলাবলৈ আহিলে লিখিতভাৱে দিব লাগিব নিৰ্বাচনত জয় লাভ কৰা ৬ মাহৰ ভিতৰত লিডু কুহিয়াৰবাৰী চিপে গাওঁ সংযোগী টিৰাপ নৈৰ ওপৰত এখন পকী দলং নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি।
এই দাবী মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ আৰু লিডু শাখা ছাত্ৰ সন্থাৰ।
এই দাবীৰেই আজি মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত বৰুৱা ঘাটত এখন পকী দলং নিৰ্মাণৰ দাবীত আছুৱে এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।
স্বাধীনতাৰ ৭৪ বছৰ পাছতো অঞ্চলটোত এখন পকী দলং নিৰ্মাণ নোহোৱাত যাতায়তৰ ক্ষেত্ৰত প্ৰায় ২০ খনৰো অধিক গাওঁৰ কেইবা হাজাৰ ৰাইজে দুৰ্ভোগ ভুগিব লগা হৈছে।