DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উৎকোচৰ বিনিময়ত চাকৰি: ৫গৰাকী কৰ্ণেলকে ধৰি ১৭ গৰাকী সেনা বিষয়াৰ বিৰুদ্ধে অভিযোগ দাখিল চিবিআইৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 16, 2021 11:10 am
CBI booked Army officials
284
VIEWS
Share on FacebookShare on Twitter

সেনা ভৰ্তিত বৃহৎ দুৰ্নীতিৰ সন্ধান লাভ কৰিছে চিবিআইয়ে।পাঁচ গৰাকী লে: কৰ্ণেল আৰু দুগৰাকী মেজৰকে ধৰি ১৭গৰাকী ভাৰতীয় সেনা বিষয়াৰ বিৰুদ্ধে চিবিআইয়ে দুৰ্নীতি তথা অপৰাধমূলক ষড়যন্ত্ৰত জড়িত থকাৰ অভিযোগ দাখিল কৰিছে।

তদুপৰি, ছয়গৰাকী অসামৰিক ব্যক্তিৰ বিৰুদ্ধেও গোচৰ তৰা হৈছে। চাৰ্ভিছ চিলেকশ্যন (এছ এছ বি) কেন্দ্ৰত এই নিযুক্তি কেলেংকাৰি সংঘটিত হৈছিল।

সোমবাৰে দেশৰ ১৩খন চহৰৰ প্ৰায় ৩০টাকৈ স্থানত চিবিআইয়ে তালাচী চলায়। দিল্লীৰ উপৰি অসম, পঞ্জাৱ, উত্তৰ প্ৰদেশ, অন্ধ্ৰ প্ৰদেশত এই তালাচী চলিছিল।

লেফটেনেন্ট কৰ্ণেল ভগবান নামৰ বিষয়াজনক এই গোটেই চক্ৰটোৰ মূল ব্যক্তি বুলি কোৱা হৈছে। ভগবান আৰু তেওঁৰ সহযোগীসকলে অবৈধভাৱে প্ৰাৰ্থীসকলক সেনাত নিযুক্তি দিয়া বুলি জানিব পৰা গৈছে।

বাতৰি অনুসৰি, ভিজিলেন্স শাখাৰ বিষয়া ব্ৰিগেডিয়াৰ পুৰোহিতৰ অভিযোগৰ ভিত্তিততে চিবিআইয়ে এইদৰে গোচৰ দাখিল কৰে।

তেওঁ জানিবলৈ দিয়ে যে দিল্লীৰ সেনা হাস্পাতলত যিসকল প্ৰাৰ্থীক প্ৰত্যাখ্যান কৰা হৈছিল তেওঁলোকক উৎকোচৰ বিনিময়ত শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ কৰাই দিয়া হৈছে।

এইক্ষেত্ৰত বিষয়াসকলৰ পৰিয়ালৰ লোকো জড়িত থকা বুলি কোৱা হৈছে। উদাহৰণস্বৰূপে সুৰেন্দ্ৰ কুমাৰ নামৰ বিষয়াগৰাকীৰ পিতৃ-মাতৃ আৰু পত্নীৰ বিৰুদ্ধেও গোচৰ দাখিল কৰা হৈছে।

বাতৰি অনুসৰি, এই অভিযোগ সন্দৰ্ভত যথেষ্ট তথ্য প্ৰমান লাভ কৰা হৈছে আৰু সেইবাবেই গোচৰটো চিবিআইক অৰ্পণ কৰা হৈছে।

Recent News

শিলসাঁকোৰ উচ্ছেদৰ নামত বিভাজন! নলা আৱদ্ধ কৰি বাসগৃহ নিৰ্মাণ কৰা নাই বুলি দাবী!

sweating

Sweating: গৰমৰ দিনত ঘাম ওলোৱাতো স্বাভাৱিক, কিন্তু অত্যাধিক ঘাম ওলোৱা কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি জানেনে?

Assam flood Manipur Landslide Hiren Gohain

বানপানী, জলবায়ু সংকট, জীৱন সংকট

Boris Johnson

শীঘ্ৰেই প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব বৰিছ জনছনে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd