গণ হত্যাৰ বলি হোৱা দেৱাশিষ গগৈ হত্যাকাণ্ডৰ ন্যায় বিচাৰি আছুৰ মানৱ শৃংখল
ফটো: নৰ্থইষ্ট নাও
যোৰহাট জিলাৰ মৰিয়নীৰ গাভৰু চাহ বাগিছাত যোৱা ২৯ মে’ তাৰিখে নৃশংসতাৰ বলি হোৱা যুৱক দেৱাশিষ গগৈৰ মৃত্যুৰ ন্যায় বিচাৰিলে আছুৱে।
যোৰহাট জিলা ছাত্ৰ সন্থাই মৰিয়নী আৰু নকছাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত দেবেৰাপাৰা চাৰিআলিত শনিবাৰে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে।
অসম চৰকাৰে দেৱাশিষ গগৈৰ হত্যাকাণ্ডৰ প্ৰতিবেদন সাতদিনৰ ভিতৰত দাখিল কৰাৰ লগতে সকলো হত্যাকাৰীৰে ফাষ্ট ট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়া চলাব বুলি জনাইছিল।
কিন্তু ১৬ দিন উকলি যোৱাৰ পিছতো আৰক্ষীয়ে কোনোধৰণৰ প্ৰতিবেদন দাখিল নকৰাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰসন্থাই এই কাৰ্যসূচী ৰূপায়ন কৰে।
জিলা তথা আঞ্চলিক পৰ্যায়ৰ আছুনেতাৰ লগতে দেৱাশিষ গগৈৰ পৰিয়ালবৰ্গ আৰু নকছাৰিবাসী ৰাইজে এই মানৱ শৃংখল কাৰ্যসূচীত অংশগ্ৰহণ কৰে।