নামৰূপ তাপ বিদ্যুৎ প্ৰকল্পৰ ১০০ মেগাৱাট ৰিপ্লেচমেণ্ট প্ৰকল্পৰ দুৰ্ঘটনাৰ তদন্তৰ তথ্য বিচাৰি মহাপ্ৰৱন্ধকক ঘেৰাও আছুৰ

IMG-20180928-WA0119

অসম শক্তি উৎপাদন  নিগম লিমিটেড আৰু নিৰ্মাণ গোষ্ঠী ভেল ( BHEL) কৰ্তৃপক্ষই গা এৰা দিয়া মনোভাৱেৰে ২০০৯ চনৰ পৰা নিৰ্মাণ কৰি থকা নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰৰ ১০০ মেগৱাট ৰিপ্লেচমেণ্ট প্ৰকল্পত আৰম্ভণিৰে পৰাই প্ৰকল্প নিৰ্মাণ থলীত এটাৰ  পিছত  আনটো কাৰিকৰী বিজুতি সংঘটিত  হৈ আহিছে।

২০১২ চনতে নিৰ্মান কাৰ্য্য সম্পূৰ্ণ  হ’বলগীয়া প্ৰকল্পটোত যোৱা ৯ জুলাইৰ নিশা ১০.৩০ বজাত প্ৰকল্পটোৰ ষ্টিম টাৰবাইনৰ তৃতীয় অৰ্থাৎ শেষ মহলাৰ মূল চাদ ভাগি  টাৰবাইনৰ  কিছু অংশ ধ্বংস হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ প্ৰায় ৮০ দিনৰ পাৰ হোৱাৰ পিছতো কোনো তদন্ত নোহোৱাত ক্ষুব্ধ হৈ পৰিছে নামৰূপ আছু।

ইতিমধ্যে অনিশ্চতাৰ দিশে গতি কৰা অসমবাসীৰ প্ৰত্যাশিত প্ৰকল্পটোত দুৰ্ঘটনা সন্দৰ্ভত  তদন্ত আৰু তদন্তৰ ফলাফল বিচাৰি শুকুৰবাৰে নামৰূপ আঞ্চলিক ছাত্ৰই প্ৰকল্পৰ মহাপ্ৰবন্ধক সত্যেন্দ্ৰ চৌধুৰীক দিনৰ ১১বজাৰ পৰা ঘেৰাও কৰি ৰাখে।

উল্লেখ‍্য যে ঘটনা সংঘটিত হোৱাৰ পিছত  বিগত ১৭ জুলাইত অসমৰ শক্তি  মন্ত্ৰী তপন কুমাৰ গগৈ ঘটনাস্থলী পৰিভ্ৰমণ কৰি পাচঁজনীয়া তদন্ত কমিটিৰ দ্বাৰা উচ্চ পৰ্য্যায়ৰ তদন্ত কৰাৰ আশ্বাস দিছিল যদিও শক্তি মন্ত্ৰীৰ তদন্তৰ ফলাফলত ৰাইজে আশ্বস্ত নহ’ল ।

ইয়াৰ পিছৰ পৰ্য্যায়ত উচ্চপৰ্য্যায়ৰ তদন্তৰ বাবে উদ্যোগ বিভাগৰ আয়ুক্ত সচিব ৰবি কাপুৰক দায়িত্ব  অৰ্পণ কৰে ৰাজ্য চৰকাৰে। লক্ষ্যণীয় যে এই তদন্তৰ  ফলাফলো  যোৱা ৩১ আগষ্টৰ ভিতৰত  ৰাজহুৱা কৰাৰ  ঘোষণা নকৰি বিষয়টো গাপ দিবলৈ হে চেষ্টা কৰাৰ সন্দেহ প্ৰকাশ কৰি শুকুৰবাৰে দিনৰ ১১ বজাৰ পৰা নামৰূপ আছুৱে প্ৰকল্পৰ মহাপ্ৰবন্ধক সত্যেন্দ্ৰ চৌধুৰীক কাৰ্য্যালয়তে ঘেৰাও কৰি ৰাখে।

নামৰূপ আছুৰ সভাপতি কল্পজিত গগৈ, সাধাৰণ সম্পাদক মানস জ্যোতি চাংমাই, আছুৰ জিলাৰ শিক্ষা সম্পাদক অবনী কুমাৰ গগৈৰ নেতৃত্বত যোৱা এটা সঁজাতি দলে মহাপ্ৰৱন্ধক গৰাকীক ঘেৰাও কৰে। তদুপৰি, তদন্তৰ তথ্য ৰাজহুৱা নকৰা পৰ্য্যন্ত এই ঘেৰাও কাৰ্যসূচী অব্যাহত ৰখাৰো ঘোষণা কৰে।

উল্লেখ‍্য যে নামৰূপ তাপবিদ্যুত কেন্দ্ৰৰ মহাপ্ৰৱন্ধক সত্যেন্দ্ৰ চৌধুৰীয়েও আশ্বস্ত হ’ব পৰা কৈ কোনো  তথ্য প্ৰদান কৰিব নোৱাৰাত তদন্ত সন্দৰ্ভত যে বিষয়টো গাপ দিবলৈ চেষ্টা কৰিছে ই নিশ্চিত হৈ পৰিছে ।