মুক্ৰ’ৰ গুলীচালনাঃ অসম-মেঘালয় সীমান্তত উন্নত নিৰাপত্তাৰ দাবী আছু, কেএছইউ-ৰ

অসম-মেঘালয় আন্তঃৰাজ্যিক সীমান্তত উন্নত নিৰাপত্তা ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থা আৰু খাচী ছাত্ৰ সন্থাই।মঙলবাৰে অসম-মেঘালয় আন্তঃৰাজ্যিক সীমান্তৰ মুক্ৰ’ গাঁৱত গুলীচালনাৰ ঘটনাৰ পিছত দুই ছাত্ৰ সংগঠনে এই দাবী উত্থাপন কৰিছে।

অসম আৰক্ষীৰ জোৱানসকলে জনতাৰ ওপৰত গুলীচালনা কৰাৰ ঘটনাত মেঘালয়ৰ পাঁচজন বাসিন্দা আৰু এজন অসম বনৰক্ষীকে ধৰি ছয়জন লোকে প্ৰাণ হেৰুৱাইছিল।

লগতে পঢ়ক: বিকৃত হোৱা ইতিহাস পুনৰ নতুনকৈ লিখাৰ আহ্বান কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

আছু আৰু কেএছইউৰ প্ৰতিনিধি দলৰ মাজত হোৱা বৈঠকৰ পিছত ছাত্ৰ সংগঠন দুটাই এই দাবী উত্থাপন কৰিছে।

“সীমান্ত অঞ্চলসমূহত সঠিক নিৰাপত্তা নিশ্চত কৰিব লাগিব,” আছু আৰু কেএছইউ-য়ে কয়।

তেওঁলোকে লগতে কয় যে অসম আৰু মেঘালয়ৰ ৰাজ্য চৰকাৰে “সমস্যাটো সমাধান কৰিবলৈ দায়বদ্ধ” আৰু “দুয়োখন চৰকাৰে সীমান্ত অঞ্চলত বাস কৰা লোকসকলক বিশ্বাসত লোৱা উচিত”।

বৈঠকখন উত্তৰ-পূব ছাত্ৰ সংগঠনে (নেছ’) আয়োজন কৰিছিল, যাৰ ভিতৰত আছু আৰু কেএছইউ দুয়োটাই সদস্য সংগঠন।

লগতে পঢ়ক: ছাৰ্বিয়াৰ বিৰুদ্ধে ৰিচাৰ্লিছনৰ দুটা গ’লেৰে ব্ৰাজিলৰ সপোনৰ আৰম্ভণি; ছাম্বাৰ ছন্দত নাচি উঠিল লুচাইল ষ্টেডিয়াম

“দুয়োখন ৰাজ্য চৰকাৰে নিৰাপত্তা প্ৰদান কৰা উচিত কিয়নো অসম আৰু মেঘালয়ত বাস কৰা একাংশ বাসিন্দাৰ মাজত এক আশংকা আৰু নিৰাপত্তাহীনতাৰ পৰিস্থিতি উদ্ভৱ হৈছে,”-আছু, কেএছইউ আৰু নেছ’ৰ এক যৌথ বিবৃতিত এইদৰে উল্লেখ কৰা হৈছে।