অসমীয়া মানুহে বিজেপিক পুলিয়ে পোখাই উভালি পেলোৱাৰ পণ লৈছে: লুৰিনজ্যোতি গগৈ

20201020_014517

শিৱসাগৰত সোমবাৰে লুৰিনজ্যোতি গগৈ। ফটো: নৰ্থইষ্ট নাও

শিৱসাগৰত সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ ষষ্ঠদশ বাৰ্ষিক অধিৱেশনত অংশ গ্ৰহণ কৰি সাংবাদিকৰে হোৱা কথা বতৰাত বিজেপি দলক তীব্ৰ সমালোচনা কৰে আছুৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে।

লুৰিনজ্যোতি গগৈয়ে কয়, ‘হয় এইবাৰ দুটা সভ্যতাৰ যুঁজ হব। এটা সভ্যতা যি বিদেশীৰ পৃষ্ঠপোষকতা কৰে, হিন্দু মুছলমান সকলো বিদেশীক ইয়াত সংস্থাপিত কৰিব খোজে, সেই সভ্যতাই সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পাব বিচাৰে, দিল্লীৰ অক্সিজেন লৈ উঠা বহা কৰে, সেই সভ্যতাৰ লগত অসমৰ শংকৰদেৱ-মাধৱদেৱ, আজান ফকীৰ, চাওল্যুং চুক্যাফা আৰু ৰজা নৰনাৰায়নে প্ৰতিষ্ঠা কৰি যোৱা স্বাভিমানী আপোচহীন সভ্যতাৰ লগত যুঁজ হব।‘

‘আৰু এই সভ্যতাৰ যুঁজত স্বাভিমানী খিলঞ্জীয়া মানুহৰ যি সভ্যতা- যি সভ্যতাই আপোচ নকৰে, যি সভ্যতাই সমন্বয়ৰ বাতৰি কঢ়িয়াই আনে, সেই সভ্যতাৰ জয় হব’-লুৰিনজ্যোতিয়ে লগতে কয়।

তেওঁ কয়, ‘এইবাৰ অসমীয়া মানুহে পণ লৈছে অসমৰ পৰা বিজেপিক পুলিয়ে পোখাই উভালি পেলোৱাৰ’।

আনহাতে, লুৰিনজ্যোতি গগৈয়ে ২১ৰ নিৰ্বাচনত বিজেপিক হৰুৱাবলৈ আৰু কংগ্ৰেছ-এআইইউডিএফক  প্ৰতিহত কৰিবলৈ আঞ্চলিক জাতীয়তাবাদী ভাৱধাৰাৰ দল সমুহ একত্ৰিত হৈ যুঁজিব লাগিব বুলি কয়।

বিজেপিক হৰুৱাবলৈ ঐক্যবদ্ধ জাতীয়তাবাদৰ কোনো বিকল্প হব নোৱাৰে বুলিও মন্তব্য কৰে।

অসমৰ পৰৱৰ্তী মুখ্য মন্ত্ৰী সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, মু্খ্যমন্ত্ৰী কোন হব সেই কথা অসমৰ ৰাইজে ঠিৰাং কৰিব। অসমত বসবাস কৰা, অসমৰ জাতীয় জীৱনৰ লগত বিলীন হৈ পৰা প্ৰতিগৰাকী বৈধ নাগৰিক মুখ্যমন্ত্ৰী, গৃহমন্ত্ৰী হব পাৰে। ইয়াত হিন্দু,মুছলিম, শিখ, জৈন আদিৰ কথা নাহে।