লক্ষ্য নিৰ্বাচন; অগপত যোগদান কৰিব কেশৱ মহন্তৰ ভায়েক, আছু নেতা মণিমাধৱ মহন্তই

ManiMadhab Mahanta

এখন সভাত মণিমাধৱ মহন্তক ভাষণ দি থকা দেখা গৈছে। ফাইল ফটো।

আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ লক্ষ্যৰে অহা ১০ মাৰ্চত আঞ্চলিক দল অগপত যোগদান কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ নেতা মণিমাধৱ মহন্তই। ছাত্ৰ সংগঠনটোত বৰ্তমান উপ-সভাপতি পদত থকা মণিমাধৱ অগপৰ কাৰ্য্যনিৰ্বাহক সভাপতি কেশৱ মহন্তৰ ভায়েক।
তেওঁ আজি বা কাইলৈৰ ভিতৰতে ছাত্ৰ সংগঠনটো এৰাৰ কথা। তাৰ পিছতে ১০ মাৰ্চৰ দিনা যোৰহাটৰ এটা অনুষ্ঠানত  আঞ্চলিক দলটোত যোগদান কৰিব মহন্তই।
এটা নিৰ্ভৰযোগ্য সূত্ৰমতে, মণিমাধৱ মহন্তক কলিয়াবৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দিয়াৰ গুণা-গঁথা চলিছে অগপ দলটোৰ ভিতৰত।
আনহাতে বিজেপিৰ সৈতে অগপই পুনৰ মিত্ৰতাৰ বাবে দিল্লীত গৈ মন্ত্ৰণা চলাই থকা নেতাসকলৰ ভিতৰত কাৰ্য্যনিৰ্বাহক সভাপতি কেশৱ মহন্তও আছে, যিজন বিজেপিৰ সৈতে পুনৰ মিত্ৰতাত অতি আগ্ৰহী। কেশৱ মহন্তই নিজৰ ভায়েকৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰিবৰ অংক লৈ বিজেপিৰ সৈতে মিত্ৰতাৰ পক্ষত জোৰ দি থকা বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে কংগ্ৰেছৰ দখলত থকা কলিয়াবৰ সমষ্টিটোত এতিয়ালৈকে বিজেপিৰ শক্তিশালী প্ৰাৰ্থীৰ নাম উচ্চাৰিত হোৱা নাই। ফলত অন্তিম মুহূৰ্তলৈকে বিজেপিয়ে কলিয়াবৰকে ধৰি দুই তিনিটা সমষ্টি অগপৰ বাবে এৰি দি আনবোৰ সমষ্টিত দলটোৰ সমৰ্থনৰ আশাৰে মিত্ৰতাৰ এটা সম্ভাৱনা জীয়াই ৰখা যেন লাগে।
ইপিনে মণিমাধৱ মহন্তই অগপ দলত যোগদান কৰিবলৈ ওলোৱা খবৰত কলিয়াবৰত আঞ্চলিক দলটোৰ কৰ্মী-সমৰ্থকৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এনেয়েও কেশৱ মহন্তৰ স্বজনতোষণত সমষ্টিবাসীৰ বহু কৰ্মী-সমৰ্থক অসন্তুষ্ট হৈ আছে। কলিয়াবৰ সমষ্টিত বিভিন্ন কামৰ ঠিকা কেশৱ মহন্তৰ আন এজন ভায়েক কৃষ্ণ মহন্তইহে লাভ কৰে বুলি অভিযোগ উঠি আহিছে।
এইবাৰ আনজন ভায়েক মণিমাধৱ মহন্তক ৰাজনীতিলৈ অনাৰ বাট সুগম কৰি লোৱা দেখি কেশৱ মহন্তৰ পৰিয়ালকেন্দ্ৰিকতা সন্দৰ্ভত স্বাভাৱিকতে বু-বু-বা-বা চলিছে।