NORTHEAST NOW (Assamese)

অখিল গগৈৰ মাতৃ প্রিয়দা গগৈৰ স্বাস্থ্যৰ বুজ ল’লে যোৰহাট জিলাৰ আছু নেতৃত্বই

December 24, 2019 7:35 am · নিৰ্মলেন্দু পাঠক
ফটো : নৰ্থ-ইষ্ট নাও

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসমত সৰ্বত্তে প্ৰতিবাদ চলি থকাৰ সময়তে গ্ৰেপ্তাৰ হোৱা অখিল গগৈৰ ঘৰত সোমবাৰে উপস্থিত হয় যোৰহাট জিলা ছাত্ৰ সন্থাৰ এটা দল।

অখিল গগৈৰ মুক্তিৰ দাবীত মাতৃ প্ৰিয়দা গগৈয়ে যোৱা ২০ ডিচেম্বৰৰ পৰা অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছিল। গুৰুতৰভাৱে স্বাস্থ্যৰ অৱনতি ঘটাত তৃতীয় দিনা অনশন কাৰ্যসূচী প্ৰত্যাহাৰ কৰিছিল।

সেয়ে সোমবাৰে যোৰহাট জিলা ছাত্ৰ সন্থাৰ সম্পাদক জিতু নেওগ, টীয়ক জাতীয় বিদ্যালয়ৰ সচিব সৌৰভ বৰা, যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক যদুমণি বৰুৱা, টীয়ক আছুৰ সভাপতি ৰন্টু ভূঞা, ছাত্ৰ কৰ্মী ইছফাক আলি আহমেদ, পাপু কলিতা, কংকুল বৰুৱা, দীপাংকৰ দাসকে ধৰি কেইবাজনো ছাত্ৰ কৰ্মী অখিল গগৈৰ ঘৰত উপস্থিত হৈ অসুস্থ মাতৃৰ স্বাস্থ্যৰ বুজ লয়।

ছাত্ৰ সন্থাৰ কৰ্মী সকলে অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবী জনোৱাৰ লগতে মাতৃ প্রিয়দা গগৈৰ স্বাস্থ্যৰ দ্ৰুত উন্নতিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে।

উল্লেখযোগ্য যে যোৱা ১৪ ডিচেম্বৰত NIA এ অখিল গগৈৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। আৰু  ১৬ ডিচেম্বৰত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (NIA)য়ে কৃষক নেতা গৰাকীক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল।

Related News