NORTHEAST NOW (Assamese)

আছুৰ নেতৃত্ব আৰু কংগ্ৰেছ এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি : মুমিনুল আৱাল

September 11, 2019 5:52 pm · কল্পজ্যোতি শইকীয়া

‘আছুৰ নেতাই কিছুদিনৰ আগতে কৈছিল, ৰাহুল গান্ধী বোলে অসমৰ বাবে ত্ৰাণকৰ্তা। আছু আৰু কংগ্ৰেছৰ সুৰ আজি একেই। কংগ্ৰেছ আৰু আছুৰ বৰ্তমানৰ নেতৃত্ব এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি।‘ এই মন্তব্য বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ মুমিনুল আৱালৰ।

এন আৰ চিৰ স্থিতিৰ ক্ষেত্ৰত আছু নেতৃত্ব আৰু কংগ্ৰেছৰ তুলনা কৰি সংবাদ মাধ্যমৰ আগত আজি আৱালে এইদৰে কয়।

আনহাতে, নিজকে একালৰ আছু নেতা বুলি পৰিচয় দি মুমিনুল আৱালে কয়, ‘বৰ্তমানৰ আছুৰ নেতৃত্ব পৰাজিত সৈনিক। তেওঁলোকে অতি লজ্জাজনকভাৱে বাংলাদেশী প্ৰব্ৰজিত মুছলমানৰ ওচৰত নতশিৰে আঠু লৈছে।‘

‘এন আৰ চিত লাখ লাখ প্ৰব্ৰজিত মুছলমানৰ নাম অন্তৰ্ভুক্ত হোৱাৰ পিছতো তেওঁলোক মৌন কিয়?’, ‘অসমৰ ৰাইজে এই কথাবিলাকত দৃষ্টি ৰাখিছে। এন আৰ চিৰ খচৰা প্ৰকাশ হওতে আছুৱে মিঠাই খাইছিল। তেওঁলোকে এন আৰ চিত বাংলাদেশী মুছলমানৰ নাম অন্তৰ্ভুক্তিত সন্তোষ প্ৰকাশ কৰিছিল নেকি?’

তদুপৰি, সদ্য প্ৰকাশিত এন আৰ চিৰ পৰা লাখ লাখ কোচ-ৰাজবংশী, তিৱা, ৰাভা, কাৰ্বি, হাজং, চুতীয়া, আহোম, কছাৰী ভূমিপুত্ৰৰ উপৰিও গৰীয়া-মৰীয়া-দেশী ভাৰতীয় হিন্দীভাষী, গোৰ্খা, বঙালীসকলৰ নাম বাদ পৰিছে বুলি দাবী কৰে আৱালে।

এই সম্পৰ্কত আছু নেতৃত্বৰ প্ৰতিক্ৰিয়া কি? বুলি প্ৰশ্ন কৰি আৱালে কয় আছুৱে তৰুণ গগৈৰ লগত বহি এন আৰচিত কি কি নথি গ্ৰহণ কৰা হব সেই সিদ্ধান্ত লৈছিল। আৰু সুৰুঙা থাকি যোৱাকৈ নথিসমূহ গ্ৰহণ কৰাৰ ফলত প্ৰব্ৰজনকাৰীয়ে এনআৰচিত নাম অন্তৰ্ভুক্তিৰ সুযোগ পাইছে।‘

‘আছুৰ নেতাৰ বৰ্তমানৰ স্থিতিয়ে অসমৰ সমাজ জীৱনক চিন্তিত কৰি তুলিছে। অসমৰ ছাত্ৰ সমাজৰ মাজত আছুৰ গ্ৰহণযোগ্যতা ক্ৰমে হ্ৰাস পাব ধৰিছে।’ বুলি মন্তব্য কৰি আছুৰ ‘শীৰ্ষ নেতৃত্বৰ ব্যক্তিগত অভিপ্ৰায় ত্যাগ কৰি নিকা আৰু স্বচ্ছতাৰে জাতিৰ স্বাৰ্থত অৱস্থান’ ল’বলৈ আহ্বান জনায়।

তেওঁ কয়, ‘আছুৱে আত্ম সমালোচনাৰ যোগেদি আত্মশুদ্ধিৰ বাবে পথৰ সন্ধান কৰক। বৰ্তমানৰ চৰকাৰখনে জাতিৰ স্বাৰ্থত এটা এটাকৈ কাম কৰি আছে। চহিদ স্মাৰক, আন্দোলনত গুলীৱিদ্ধ চহিদ পৰিয়াল, আন্দোলনত নিৰ্যাতিতসকলৰ উপৰিও বিশেষভাৱে ভূমিৰ অধিকাৰ সম্পৰ্কত কাম কৰি আছে। খিলঞ্জীয়া মানুহক ভূমিৰ পট্টা প্ৰদান কৰা হৈছে।‘

Related News