NORTHEAST NOW (Assamese)

শক্তিহীন শক্তি বিভাগৰ বিৰুদ্ধে শিৱসাগৰত গৰজি উঠিল আছু

August 3, 2021 2:44 pm · পার্শ্বজোতি গগৈ
ফটো: নৰ্থইষ্ট নাও।

বিদ্যুৎ যোগান নিয়মীয়া কৰা, বিদ্যুৎ বিভাগৰ আসোঁৱাহ দূৰ কৰি জনসাধাৰণক সৱলীলভাৱে বিদ্যুৎ সেৱা গ্ৰহণৰ সুবিধা কৰি দিয়াৰ দাবীত আজি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

শিৱসাগৰৰ কালিবাৰীস্থিত অসম শক্তি বিতৰণ কোঃ পৰিসীমিত শিৱসাগৰ বৈদ্যুতিক চক্ৰৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আছুৰ কৰ্মীসকলে।

প্ৰতিবাদী আছু কৰ্মীসকলে শক্তি মন্ত্ৰী বিমল বৰা মুৰ্দাবাদ, কথাচহকী মন্ত্ৰী বিমল বৰা হায় হায়, বিদ্যুৎ বিভাগ মুৰ্দাবাদ, অসম চৰকাৰ হায় হায়, বিদ্যুৎ যোগান নিয়মীয়া কৰক আদি শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

Related News