NORTHEAST NOW (Assamese)

টীয়কত ছাত্ৰ সন্থাৰ চহিদ দিৱস পালন, সৰ্বানন্দক ৰাইজৰ পক্ষ ল’বলৈ আহ্বান

December 10, 2019 10:01 am · নিৰ্মলানেন্দু পাঠক
ফটো : নৰ্থ-ইষ্ট নাও

সমগ্ৰ ৰাজ্যজুৰি আজি উদযাপন কৰা হৈছে চহিদ দিৱস। সেই উদ্দেশ্যেৰে যোৰহাট জিলাৰ টীয়কতো আজি টীয়ক আৰু শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাই বনাই পথলিয়ালৰ চহিদ পোৱাল দাসৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

উল্লেখ্য যে ঐতিহাসিক অসম আন্দোলনত ১৯৭৯ চনৰ আজিৰ দিনটোতে আৰক্ষীৰ গুলীত চহিদ হৈছিল খৰ্গেশ্বৰ তালুকদাৰ। সেয়ে আজিৰ দিনটো ছাত্ৰ সন্থাৰ লগতে অসমৰ ৰাইজে চহিদ দিৱস হিচাপে পালন কৰি আহিছে।

অসম আন্দোলনত জাতিৰ বাবে চহিদ হোৱা পোৱাল দাসৰ সমাধিস্থলত শ্ৰদ্ধাঞ্জলি জনাই সমাধিস্থলৰ পৰা ছাত্ৰ সন্থাৰ কৰ্মী সকলে অসম আন্দোলনৰ পটভূমিৰ মাজেৰে ৰাজনীতিৰ পথাৰলৈ অহা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত লোৱা স্থিতিয়ে জাতিটোৰ স্বাভিমানত আঘাত হনাৰ লগতে অসম চুক্তিখনকো নস্যাৎ কৰিব বুলি মন্তব্য কৰে।

ছাত্ৰ সন্থাৰ কৰ্মীসকলে জাতিটোৰ স্বাৰ্থত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৰাইজৰ পক্ষ ল’বলৈ আহ্বান জনায়।

Related News