৮ ছেপ্তেম্বৰত দীঘলীপুখুৰীপাৰত ‘উদ্দীপনা’ অনুষ্ঠানেৰে আছুৱে উদযাপন কৰিব সুধাকণ্ঠৰ ৯২ সংখ্যক জন্মদিন

20180903_005003

সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবছৰৰ দৰে এইবছৰো সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ৯২ সংখ্যক ওপজা দিনটো অহা ৮ ছেপ্তেম্বৰত গুৱাহাটীৰ দীঘলীপুখুৰীপাৰত থকা ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিস্থলীত দিনজোৰা বিভিন্ন কাৰ্যসূচীৰ মাজেৰে উদযাপন কৰিব।

‘উদ্দীপনা’ নামেৰে আয়োজন কৰি অহা ভূপেন হাজৰিকাৰ জন্মদিনৰ পুৱা ৯-৩০ বজাত দীঘলীপুখুৰীপাৰত থকা শিল্পীগৰাকীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হ’ব।

উল্লেখ্য যে এই অনুষ্ঠানত  প্ৰতিখন জিলাৰ নিৰ্বাচিত মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী, বিশ্ববিদ্যালয়, বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱ আৰু গুৱাহাটী মহানগৰীৰ মহাবিদ্যালয়ৰ পৰা নিৰ্বাচিত শ্ৰেষ্ঠ কণ্ঠ শিল্পীয়ে সন্ধিয়া ৬ বজাত ড০ ভূপেন হাজৰিকাৰ একোটা গীত পৰিৱেশন কৰি সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জনাব।

সদৌ অসম ছাত্ৰ সন্থাই  সদৌ কামৰূপ (মহানগৰ) জিলা ছাত্ৰ সন্থা আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত আয়োজন কৰা এই অনুষ্ঠানত ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ আৰু সাংস্কৃতিক সম্পাদক অনিল গগৈয়ে সকলোকে এই অনুষ্ঠানত উপস্থিত থাকিবলৈ অনুৰোধ জনাইছে।