NORTHEAST NOW (Assamese)

লকডাউনত মূল্যবৃদ্ধিৰ তীব্ৰ প্ৰতিবাদ আছুৰ সভাপতিৰ

April 24, 2020 6:59 am · নীলমনি শর্মা
Updated: April 24, 2020 1:46 pm
কৃষ্ণাইত আছুৰ সভাপতি দীপাংক কুমাৰ নাথৰ সংবাদমেল। ফটো: নৰ্থইষ্ট নাও

শিক্ষা মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ব্যক্তিগত খণ্ড বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক ৫০শতাংশ মাচুল ৰেহাই দিয়াৰ ঘোষণা কৰাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সদ্য অসম ছাত্ৰ সন্থাই।

ছাত্ৰ-ছাত্ৰীসকলক ৫০শতাংশ মাচুল ৰেহাই দিলেই নহ’ব সম্পূৰ্ণ দুমাহলৈ ছাত্ৰ-ছাত্ৰীক ৰেহাই দিবলৈ দাবী জনাইছে আছুৰ সভাপতি দীপাংক কুমাৰ নাথে। কিয়নো বিগত সময়ত ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহে ছাত্ৰ-ছাত্ৰীসকলক অতিৰিক্ত মাচুলৰ বোজা দি আহিছে।

কৃষ্ণাইত উপস্থিত হৈ আছুৰ সভাপতি দীপাংক কুমাৰ নাথে কৃষ্ণাই আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত এখন সংবাদ মেল আয়োজন কৰি কয় যে, ল’কডাউন খোলাৰ লগে লগে বিদ্যালয় সমূহত ছেনিটাইজেশ্যন কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক দুটাকৈ মাস্ক আৰু বিদ্যালয়ত প্ৰৱেশ কৰাৰ পূৰ্বে চাবোনেৰে হাত ধোৱাৰ ব্যৱস্থা ৬ মাহলৈকে কৰিব দাবী জনায় ৷

ইয়াৰ উপৰি ডিজেল-পেট্ৰ’লৰ মূল্য বৃদ্ধি আৰু গ্ৰাম্যঞ্চলত শাক-পাচলিৰ জুই ছাই দামৰ ক্ষেত্ৰতো প্ৰতিক্ৰিয়া ব্যক্ত কৰি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰি নাথে কয়,’’ আমি সদৌ অসম ছাত্ৰ সন্থাই ল’কডাউনৰ সময়ত চৰকাৰৰ প্ৰতিটো ক্ষেত্ৰতে সহযোগ কৰি আহিছোঁ কিন্তু মূল্য বৃদ্ধি কৰি সৰ্বসাধাৰণ ৰাইজক মাধমাৰ সোধাৱাতো আমি কেতিয়াও সহ্য নকৰো ৷ গতিকে মূল্য বৃদ্ধি পুণৰ হ্ৰাস কৰাৰ লগতে খেতিয়কক সকাহ দিবলৈ আহ্বান জনাও ৷’’

ইফালে লকডাউনৰ ১০ টা দিনত সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যৰ প্ৰতিটো Eঞ্চলিক আৰু মহকুমাৰ ছাত্ৰ কৰ্মকৰ্তা সকলে ধাৰাবাহিক ভাৱে ৰাইজৰ কাষত থাকি আৰ্তজনক খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে চেনিটাইজেশ্যন কৰিব বুলি ঘোষণা কৰে ৷

আনহাতে, সামাজিক মাধ্যমত আছুক সমালোচনা কৰা কাৰ্য্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেনে অপপ্ৰচাৰক আছুয়ে ভ্ৰুক্ষেপ নকৰে বুলি উল্লেখ কৰে আছুৰ সভাপতিগৰাকীয়ে।

Related News