শীঘ্ৰেই পূৰ্ণ পৰ্য্যায়ৰ শিক্ষানুষ্ঠানলৈ ৰূপান্তৰিত কৰক শিৱসাগৰৰ দুখন উচ্চ শিক্ষানুষ্ঠানক : দীপাংক নাথ

“নামক লৈ ৰাজনীতি নকৰি শিৱসাগৰৰ দুই উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান ৰাজীৱ গান্ধী পেট্ৰলিয়াম টেকন’লজি ইনষ্টিটিউট আৰু ৰাজীৱ গান্ধী সমাবায় বিশ্ববিদ্যালয়ক চৰকাৰে অতি শীঘ্ৰে পূৰ্ণ পৰ্যায়ৰ শিক্ষানুষ্ঠানলৈ ৰূপান্তৰ কৰক। নামক লৈ যদি বৰ্তমানৰ চৰকাৰখনে ‘জে’লাচ ফিল’ কৰিছে তেন্তে দৰকাৰ হলে অসমৰ কোনো বৰেণ্য ব্যক্তিৰ নামত নামাকৰণ কৰি হলেও এই কাম সম্পূৰ্ণ হ’ব লাগে”। এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথৰ।

বুধবাৰে শিৱসাগৰত আছুৰ এক অভিনন্দন অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ শিক্ষানুষ্ঠান দুখনৰ উন্নীতকৰণৰ বাবে চৰকাৰে কোনো প্ৰচেষ্টা নললে বুলি অভিযোগ কৰি যদি সোনকালে শিক্ষানুষ্ঠান দুখন পূৰ্ণ পৰ্যায়ৰ শিক্ষানুষ্ঠানলৈ ৰূপান্তৰ নকৰে তেন্তে ছাত্ৰ সন্থাই আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰিবলৈ কুণ্ঠবোধ নকৰিব বুলিও তেওঁ সকিয়াই দিয়ে।

উল্লেখযোগ্য যে,  শিক্ষাৰ ক্ষেত্ৰত সদায় অৱহেলিত হৈ আহিছে শিৱসাগৰ। প্ৰতিখন চৰকাৰে উচ্চ শিক্ষানুষ্ঠান স্থাপনৰ ক্ষেত্ৰত শিৱসাগৰক সদায় অৱহেলা কৰা দেখা যায়। ২০০৭/২০০৮ চনতে তদানিন্তন প্ৰধান মন্ত্ৰী মনমোহন সিঙে শুভাৰম্ভ কৰা ৰাজীৱ গান্ধী পেট্ৰলিয়াম টেকন’লজি ইনষ্টিটিউটৰ আজি প্ৰায় ১২টা বছৰে ১০ শতাংশ কামও সম্পূৰ্ণ হৈ উঠা নাই।

আনহাতে সমবায় বিশ্ববিদ্যালয়ৰ বাবে প্ৰস্তাৱিত মাটিত আজি পৰ্যন্ত কোনো কাম সম্পূৰ্ণ নোহোৱাত ভাড়া ঘৰত বিশ্ববিদ্যালয়খনৰ শিক্ষাবৰ্ষ আৰম্ভ কৰিব লগীয়া অৱস্থা হৈছে। যাৰ বাবে ক্ষুভিত হৈ শিৱসাগৰৰ ৰাইজ তথা বিভিন্ন জাতীয় দল-সংগঠনে বিভিন্ন সময়ত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈছে।