অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ন নোহোৱালৈকে ছাত্ৰ সন্থা ক্ষান্ত নহওঁ: দীপাংক নাথ

‘দিল্লীৰ ৰঙা চকুৰ ভয়ত মুখ্যমন্ত্ৰীয়ে প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰৰ হাতত দাখিল কৰিব নোৱাৰিলে’

IMG_20210218_161815

আছুৰ সভাপতি দীপাংক কুমাৰ নাথৰ সংবাদমেল।

বুধবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ বাবে গঠন কৰি দিয়া পৰামৰ্শদাতা কমিটিৰ প্ৰতিবেদন ৰূপায়ণ বাস্তৱৰ পৰা বহু দূৰত বুলি মন্তব্য কৰাৰ পাছতে তেওঁক উভতি ধৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পাছতে ইয়াক লৈ শ্বহীদ ন্যাসত সংবাদমেল সম্বোধন কৰি আছুৰ সভাপতি দীপাংক কুমাৰ নাথে কয়, ‘কালি অসম চুক্তিৰ ৬নং দফা সন্দৰ্ভত অসম চৰকাৰৰ এগৰাকী মন্ত্ৰীয়ে যি মন্তব্য ৰাখিলে তাক আমি ধিক্কাৰ দিছো। আছুৰ স্পষ্ট কথা অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ন নোহোৱা লৈকে ছাত্ৰ সন্থা ক্ষান্ত নহওঁ।‘

ইপিনে ৬নং দফা ৰূপায়ণৰ ক্ষেত্ৰত বিধি পথালি দিবৰ বাবেই অসম চৰকাৰৰ মন্ত্ৰী গৰাকীয়ে অবাবত এনে মন্তব্য কৰিছে বুলি দাবী কৰে নাথে।

আনহাতে, অসমৰ মুখ্যমন্ত্ৰীয়ে চূড়ান্ত দায়িত্বহীনতাৰ পৰিচয় দিছে বুলি উল্লেখ কৰি তেওঁ লগতে কয়, ‘অসম চুক্তি ৬নং দফা আখৰে আখৰে ৰূপায়ন হব লাগে আৰু তাৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগে এখন কমিটি গঠন কৰি দিছিল। ১৪ গৰাকী সদস্য এই সমিতিৰ অন্তৰ্ভুক্ত হৈছিল। ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টাকে ধৰি সভাপতি-সম্পাদক সদস্য হিচাপে আছিলোঁ।‘

দুখন ৰাজ্যৰ এডভোকেট জেনেৰেল আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ শ্ৰীযুত বিপ্লব কুমাৰ শৰ্মাৰ অধ্যক্ষতাত এই কমিটি গঠন হৈছিল আৰু কমিটিয়ে এখন প্ৰতিবেদন দাখিল কৰিছিল। কিন্তু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এইখন প্ৰতিবেদন গ্ৰহণ নকৰাত এই প্ৰতিবেদনখন অসমৰ মুখ্যমন্ত্ৰীৰ হাতত দাখিল কৰা হৈছিল বুলি সংবাদমেলত দাবী কৰে নাথে।

তেওঁ আৰু কয়, ‘দিল্লীৰ ৰঙা চকুৰ ভয়ত মুখ্যমন্ত্ৰীয়ে প্ৰতিবেদনখন কেন্দ্ৰীয়  চৰকাৰৰ হাতত দাখিল কৰিব পৰা নাছিল এই কথা সংসদত ধৰা পৰিছিল। অসমীয়া জাতিয়ে অসমৰ মুখ্যমন্ত্ৰীক কোনো দিনে ক্ষমা নকৰে।‘

অসমৰ ৰাইজক বিপথে পৰিচালনা কৰিবৰ বাবে কালি মন্ত্ৰী গৰাকীয়ে কৰা মন্তব্য অতিকৈ গৰিহণা আৰু ধিক্কাৰযোগ্য বুলি উল্লেখ কৰে আছুৰ সভাপতি গৰাকীয়ে।

তেওঁ লগতে কয়, ‘অসম চুক্তি ৬নং দফাৰ সন্দৰ্ভত কৰা গাফিলতি অসমীয়া জাতিক কৰা গাফিলতি। অসমীয়া জাতিটোৱে বিদেশীৰ বোজা লৈ দিন পাৰ  কৰিবলগীয়া হৈছে।‘

ইপিনে, ৬নং দফাত আমাক নিৰাপত্তা দিয়া কথাটো উল্লেখ আছিল বুলি কৈ তেওঁ লগতে কয়, ‘বিধায়িনী আৰু প্ৰশাসনিক নিৰাপত্তা দিয়াৰ কথা আছিল আৰু এইখিনি দিবলৈ যাওঁতে কিছু সাংবিধানিক সংশোধনীৰ কথা আহিব আৰু সেইকাৰণে প্ৰতি দুমাহৰ মূৰে মূৰে এই কথাতো আলোচনা কৰি বিষয়টো আগবঢ়োৱা কথা আছিল। কিন্তু এটা কথাও কাৰ্য্যকৰী নকৰাকৈ অকল মানুহক বিপথে পৰিচালিত কৰা এটা কৌশল হিচাপে কালি মন্ত্ৰী গৰাকীৰ জৰিয়তে এই কথাটো উল্লেখ কৰালে।‘

উল্লেখযোগ্য যে, জাতি-মাটি-ভেটিৰ কথা কৈ শাসনৰ গাদী দখল কৰা এইখন বিজেপি চৰকাৰে ৬ নং দফা ৰূপায়ণৰ বাবে কোনোধৰণৰ ব্যৱস্থাই হাতত নল’লে।