কা, ই আই এৰ বিৰোধিতাৰে নলবাৰীত আছুৰ মানৱ শৃংখল

সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত নাগৰিকত্ব সংশোধনী আইন, ২০১৯ আৰু পৰিৱেশ প্ৰভাৱ নিৰূপণ অধিসূচনা ২০২০ বাতিল আৰু অসম চুক্তিৰ ৬নং দফৰা প্ৰতিবেদন অতিশীঘ্ৰে কাৰ্য্যকৰণৰ দাবীত আজি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই মানৱ শৃংখল গঠন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

দুপৰীয়া সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ বিষয়া ববীয়া আৰু নলবাৰী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰায় তিনি শতাধিক ছাত্ৰ কৰ্মীয়ে নলবাৰী চহৰৰ মাজমজিয়াত অৱস্থিত শ্বহীদ ভৱনৰ সন্মুখত মানৱ শৃংখল গঠন কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী সকলে হাতে হাতে অসম চৰকাৰ হায় হায়, কা আমি নামানো, মুখ্য মন্ত্ৰী হায় হায় লিখা থকা বেনাৰ লৈ প্ৰতিবাদত অংশগ্ৰহণ কৰে।

প্ৰতিবাদত ভাষণ প্ৰদান কৰি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক ভৱজিৎ বেজবৰুৱাই সৰ্বানন্দ সোণোৱালক অসমৰ ইতিহাসৰ সৰ্বকালৰ ব্যৰ্থ মুখ্য বুলি অভিহিত কৰাৰ লগতে অসম চুক্তি শীঘ্ৰে ৰূপায়ন কৰাৰ দাবী জনায়।

‘‘কা আমি নামানো। আমি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি যাম লগতে পৰিৱেশ প্ৰভাৱ নিৰূপণ অধিসূচনা-২০২০ বাতিল হ’ব লাগিব,’’ ভৱজিৎ বেজবৰুৱাই লগতে কয়।

প্ৰতিবাদী মানৱ শৃংখলত কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহৰ লগতে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি, সম্পাদক আৰু বিভিন্ন আঞ্চলিকৰ প্ৰায় তিনি শতাধিক ছাত্ৰ কৰ্মীয়ে অংশগ্ৰহণ কৰে।