NORTHEAST NOW (Assamese)

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আছুৰ বিক্ষোভ

February 19, 2021 1:57 pm · এন ই নাও নিউজ
Updated: February 19, 2021 2:04 pm

তামুলপুৰৰ পৰা দীপক কুমাৰ পাঠক:অত্যাৱশ্যকীয় খাদ্য- সামগ্ৰীৰ মুল্যবৃদ্ধিৰ প্ৰতিবাদত সদৌ অসম ছাত্ৰ সন্থাৰ কুমাৰীকাটা আঞ্চলিক সমিতিৰ উদ্যোগত আজি দিনৰ ১১-৩০ বজাত কুমাৰীকাটাত বিক্ষোভ কাৰ্য্যসুচী ৰূপায়ণ কৰা হয়।

আছুৰ কৰ্মকৰ্তা সকলে হাতে হাতে প্লে-কাৰ্ড লৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ মুল্যবৃদ্ধি ৰোধ কৰক, বিজেপি চৰকাৰ হায়-হায়, যোগানমন্ত্ৰী ফণীভূষণ চৌধুৰী হুচিয়াৰ, অসম চৰকাৰ হায়-হায়, সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ, আদি শ্লোগানেৰে কুমাৰীকাটাৰ ৰাজপথ কঁপাই তোলে।

এই কাৰ্য্যসুচীত বাক্সা জিলা ছাত্ৰ সন্থাৰ সভাপতি গোবিন্দ শৰণীয়া, সহকাৰী সম্পাদক ডুলুজিৎ দাস, কুমাৰীকাটা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰাণকৃষ্ণ দাসৰ লগতে শতাধিক আছুৰ কৰ্মী উপস্থিত থাকে।

বিশ্বনাথৰ পৰা কাজী জেইদুল ইছলাম:অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ ওপৰত বিশ্বনাথত সদৌ অসম ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্য্যসূচী পালন কৰে ।

সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত শ্বহীদ ভৱন তথা বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্য্যলয়ৰ সন্মুখত আজি দিনৰ ১১ বজাৰ পৰা ১ বজালৈ দুঘণ্টীয়া বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ণ কৰে।

অত্যাৱশ্যকীয় সামগ্ৰী ৰন্ধন গেছ, চিলিণ্ডাৰ, পেট্ৰলজাত সামগ্ৰীৰ মূল্য বৃদ্ধি আৰু অত্যৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত এই কাৰ্য্যসূচী গ্ৰহণ কৰে প্ৰতিবাদ কাৰী সকলে ।

টিয়কৰ  পৰা নিৰ্মলেন্দু পাঠক:আজি ৰাজ্যজুৰি আছুৰ আহ্বানত প্ৰত্যেক আঞ্চলিকত বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰাৰ সমান্তৰালকৈ আজি টীয়ক আঞ্চলিক ছাত্ৰ সন্থায়ো টীয়কৰ মাজমজিয়াত অসম ৰাজ্যিক বাছ আস্থানৰ সন্মুখত এক বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰি চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে।

চৰকাৰখনে প্ৰতিদিনেই ন ন আঁচনি ঘোষণা কৰি প্ৰকৃততে সাধাৰণ জনতাৰ মুৰত যি ৰামটাঙুন সুধাইছে তাক ৰাইজক অনুধাৱন কৰি অনাগত বিধানসভা নিৰ্বাচনত ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ আহ্বান জনাইছে।উক্ত প্ৰতিবাদী কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টীয়ক আঞ্চলিক আৰু টি এম পি কে ই পূৰ্ণ সমৰ্থন আগবঢ়ায়।

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন : পুনৰ চৰকাৰ বিৰোধী শ্ল’গানত কপিল গোলাঘাট চহৰ। আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে  অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধৰ দাবীত ৰাজ্যজুৰি  ৰূপায়ণ  কৰিছে অৱস্থান ধৰ্মঘট কাৰ্যসূচী । গোলাঘাটতো আজি জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত আঞ্চলিক ছাত্ৰ সন্থাই মূল্য বৃদ্ধি ৰোধৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে।

অত্যাৱশ্যকীয় সামগ্ৰী চাউল,দাইল,পেট্ৰল,ডিজেল,ৰন্ধন গেছৰ চিলিণ্ডাৰ আদি সন্মুখত এই প্ৰতিবাদ সাৱ্যস্ত কৰে  ছাত্ৰ সংগঠনটোৱে।অসম চৰকাৰ হায় হায়, যোগান বিভাগ কাম নাই , বিজেপি চৰকাৰ গ’ বেক আদি বিভিন্ন শ্ল’গানেৰে  উত্তাল কৰি তোলে প্ৰতিবাদস্থলী l

অতি শীঘ্ৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণলৈ আনিবলৈ চৰকাৰৰ ওচৰত দাবী জনোৱাৰ লগতে জনসাধাৰণৰ স্বাৰ্থক সম্পূৰ্ণৰূপে আওকাণ কৰা  ৰাজ্য চৰকাৰক  ধিক্কাৰ জনাই ছাত্র সংগঠনটোৱে।

Related News