আছু কৰ্মীক আক্ৰমণ-গ্ৰেপ্তাৰ : যোৰহাট,বিশ্বনাথত আছুৰ বিক্ষোভ কাৰ্যসূচী

ডিব্ৰুগড়ত আছু কৰ্মীৰ ওপৰত সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতভাবে আৰক্ষীয়ে চলোৱা নিৰ্মম অত্যাচাৰৰ প্ৰতিবাদত  যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আজি প্ৰতিবাদ সাৱস্ত্য কৰে আছু কৰ্মীয়েl

গৃহ বিভাগ হাই হাই, অসম চৰকাৰ মুৰ্দাবাদ, ডিব্ৰুগড় আৰক্ষী হাই হাই, আৰক্ষীৰ গুণ্ডাগিৰি বন্ধ কৰক,অত্যাচাৰী শাসন বন্ধ কৰক, অত্যাচাৰী শাসন সহ্য কৰা নহ’ব, অতুল বৰা লেই লেই চেই চেই আদি শ্লোগানৰে উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহত উত্তাল কৰি তোলে l

উল্লেখযোগ্য যে ডিব্ৰু মহাবিদ্যালয়ৰ যি নিৰ্বাচন কেন্দ্ৰীক সংঘাতৰ কাৰণে ২৫ ডিচেম্বৰ দিনা ১৫ জন আছুৰ নেতাক গ্ৰেপ্তাৰ কৰি ৫ জনক জে’ললৈ প্ৰেৰণ কৰাক লৈ চেপা উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ অসমত।

তাৰ সমান্তৰাল ভাৱে যোৰহাট জিলাৰ লগতে সমগ্ৰ অসমতে বিক্ষোভ কাৰ্যসূচী পালন কৰিছে আছুৰ বিষয়ববীয়াসকলে l

বিশ্বনাথতো আছুৰ বিক্ষোভ কাৰ্যসূচী:ডিব্ৰুগড় আছুকৰ্মীৰ ওপৰত আৰক্ষীৰ বৰ্বৰতাৰ প্ৰতিবাদ আৰু আছুকৰ্মীসকলক বিনাৰ্চতে মুক্তিৰ দাবীত বিশ্বনাথত বিক্ষোভ কাৰ্যসূচী পালন কৰে ।

বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ শ্বহীদ ভৱনৰ প্ৰাঙ্গণত বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হয় এই কাৰ্যসূচী ।

আৰক্ষী বিভাগক ৰাজনৈতিক কাৰণত ব্যৱহাৰ কৰা আৰক্ষী অধীক্ষক শ্ৰেতাং মিশ্ৰাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা লগতে আৰক্ষী বাহিনীক ৰাজনৈতিক কাৰণত ব্যৱহাৰ কৰা বন্ধ কৰা, অভিভাৱক মন্ত্ৰী অতুল বৰাৰ ওপৰত মুখ্যমন্ত্ৰীয়ে ব্যবস্থা গ্ৰহণ কৰাৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে।