মাৰ্ঘেৰিটাত নাগৰিকত্ব (সংশোধন) আইনৰ প্ৰতিবাদত আছুৰ সত্যাগ্ৰহ

835344-caa

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ ফাইল ছবি।

নাগৰিকত্ব (সংশোধন) আইনৰ প্ৰতিবাদত আজি দিনৰ ১১ বজাত মাৰ্ঘেৰিটা টাউন হাইস্কুল খেলপথাৰত আছুৰ আহ্বানত কেইবাশতাধিক ৰাইজ উলাই আহি ৰাষ্ট্ৰীয় ঘাইপথেদি সমদল কৰি মাৰ্ঘেৰিটা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত সত্যাগহ আন্দোলন ৰূপায়ণ কৰে।

‘চি এ এ বাতিল কৰক অন্যথা আমাক গ্ৰেপ্তাৰ কৰক, চি এ এ আমি নামানো’ আদি বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদস্থলী মুখৰিত হৈ পৰে।

আনহাতে স্থানীয় শিল্পী আৰু ৰাইজৰ উদ্যোগত মাৰ্ঘেৰিটা বাছষ্টেণ্ডত এক প্ৰতিবাদী সভা অনুষ্ঠিত হয়। সভাৰ অন্তত প্ৰায় ৪শতাধিক ৰাইজে ঘাইপথেদি মাৰ্ঘেৰিটা চাৰিআলিস্থিত চহিদ বেদীলৈকে বিভিন্ন শ্ল’গানেৰে সমদল উলিয়ায়।

উল্লেখযোগ্য যে প্ৰতিবাদৰ সময়ত বিভিন্ন অপ্ৰিতকৰ পৰিস্থিতি সৃষ্টি কৰা অভিযোগত মাৰ্ঘেৰিটা আৰক্ষীয়ে ৩৭৪/১৯ নম্বৰৰ এক গোচৰ ৰুজু কৰি বৰ্তমানলৈকে ৭জন লোকক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ প্ৰায় সংখ্যকেই মাৰ্ঘেৰিটা ব্ল’ক কংগ্ৰেছৰ সদস্য।

আজি পুনৰ সন্ধ্যা ৪ বজাৰ পৰা পুৱা ৫বজালৈকে সান্ধ্য আইন ঘোষণ কৰিছে। সান্ধ্য আইন চলি থকাৰ সময়ত সেনাই একাংশ জনাসাধৰণক হাৰাশাস্তি কৰাৰো কিছু খবৰ পোৱা গৈছে।

কাইলৈৰ পৰা যিকোনো প্ৰতিবাদৰ ক্ষেত্ৰত মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনৰ পৰা অনুমতি ল’ব লাগিব বুলি জাননী জাৰি কৰিছে। কাইলৈ পুৱা মাৰ্ঘেৰিটা ৰঙ্গমঞ্চৰ পৰা আছুৱে গনহত্যাগহ আন্দোলন ঘোষণা কৰিছে।

আজি প্ৰায় সংখ্যক তেল ডিপু বন্ধ থকাৰ ফলত বাহন চালক সকলৰ যথেষ্ট সমস্যাৰ সৃষ্টি হোৱাৰ লগতে দোকান-বজাৰত খাদ্য সমগ্ৰীৰ যথেষ্ট মূল্যবৃদ্ধী ঘটিছে।