‘কা’ বিৰোধী কাৰাবন্দীক মুক্তিৰ দাবী লুৰিনজ্যোতি গগৈৰ; মাৰ্ঘেৰিটাত আছুৰ খাদ্যবস্তু বিতৰণ

সকলো ‘কা’ বিৰোধী কাৰাবন্দীক অনতিপলমে মুকুলি কৰি দিবলৈ চৰকাৰক দাবী জনাইছে আছুৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে৷ মাৰ্ঘেৰিটাত আজি লকডাউনৰ বাবে খাদ্য সংকটত পৰা লোকৰ মাজত খাদ্যবস্তু বিতৰণৰ এক অনুষ্ঠানত উপস্থিত থাকি গগৈয়ে এই দাবী তোলে।

মাৰ্ঘেৰিটা সমষ্টিৰ উলুপত আছুৰ উদ্যোগত খাদ্যবস্তু বিতৰণ অনুষ্ঠানত উপস্থিত থাকি গগৈয়ে কয়, ‘বিভিন্ন ৰাষ্ট্ৰত বন্দী হৈ থকা কাৰাবন্দী সকলক মহামাৰী ক’ৰ’নাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি মুকলি কৰি দিছে আন নালাগে ভাৰতেও বিভিন্ন কাৰাগাৰত বন্দী হৈ থকা বাংলাদেশী কাৰাবন্দীক জেল বণ্ডৰ ভিত্তিত জামিনত মুকুলি কৰি দিয়াৰ বাবে তালিকা প্ৰস্তুত কৰিছে৷ কিন্তু চৰকাৰে কা আন্দোলনৰ সময়ত বন্দী হোৱা প্ৰতিবাদী নেতা-সদস্যক বন্দী কৰি ৰাখিছে’৷

এইসকল প্ৰতিবাদকাৰীক অনতিপলমে মানৱীয় দৃষ্টিভংগীৰ ভিত্তিত তথা ক’ৰ’না মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি মুকলি কৰি দিবলৈ আজি সংবাদমাধ্যমৰ যোগেদি আছু নেতা লুৰিনজ্যোতি গগৈয়ে চৰকাৰক দাবী জনায়।

সন্মিলিত সমাজ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, মটক, আটছা আদি স্থানীয় দল সংগঠনৰ সহযোগত আছুৱে আজি উলুপত প্ৰায় ২ শতাধিক লোকৰ মাজত খাদ্যবস্তুৰ টুপুলা বিতৰণ কৰে।