• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দল-চৰকাৰ নিৰ্বিশেষে বিজেপিক পোনপটীয়া আক্ৰমণ আছুৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
January 1, 2019 10:27 pm
13-06-18 Guwahati- AASU and 28th ethnic organization meeting (1)

ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত ৰাজ্যত গঢ়ি উঠা প্ৰবল জনমত ইতিমধ্যেই কেন্দ্ৰ আৰু ৰাজ্যত শাসনত থকা বিজেপিৰ দৃষ্টিত অসাৰ প্ৰতিপন্ন হৈছে। অসমৰ খিলঞ্জীয়া ৰাইজৰ প্ৰতিবাদক সম্পূৰ্ণৰূপে আওকাণ কৰি জাতি-মাটি-ভেটি ৰক্ষাৰ শ্ল’গান দি অসমত চৰকাৰ কৰা বিজেপিয়ে বিধেয়কখন গৃহীত কৰাৰ বাবে উঠি পৰি লাগি আছে।

বিজেপিৰ এই ‘অসম বিৰোধী’ স্থিতিৰ বিপৰীতে জাঙুৰ খাই উঠিছে ৰাজ্যৰ খিলঞ্জীয়া দল-সংগঠন। আজি নৱবৰ্ষৰ প্ৰথম দিনটোতো বহুকেইটা দল-সংগঠনে শাসনাধিষ্ঠ বিজেপিৰ ‘জাতিধ্বংসী’ স্থিতিৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে। সমান্তৰালকৈ সদৌ অসম ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে বিজেপি চৰকাৰে ‘অসম চুক্তি’ক উলংঘা কৰিবলৈ ওলোৱা কাৰ্যক কোনো কাৰণতে মানি নলয় বুলি স্পষ্ট কৰি দিয়ে।

সদৌ অসম ছাত্ৰ সন্থাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত ‘একমাত্ৰ ৰাজনৈতিক সমীকৰণত অবৈধ বালাদেশীৰ ভোটবেংক সুৰক্ষিত কৰিবলৈ চৰকাৰ আৰু বিজেপি দলে অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থ জ্বলাঞ্জলি দিলে’ বুলি উল্লেখ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বলপূৰ্বকভাৱে জাপি দিব বিচৰা কাৰ্যৰ বিৰুদ্ধে আন্দোলন অব্যাহত থাকিব বুলি সদৰী কৰে।

বিবৃতিটোত ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে যুটীয়া সংসদীয় সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত শুনানি সম্পূৰ্ণ নকৰিলে বুলি মন্তব্য কৰে।

‘যুটীয়া সংসদীয় সমিতিৰ প্ৰতিবেদন আংশিক হৈ থাকিব। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ সাতোখন ৰাজ্যলৈ গৈ জেপিচিয়ে জনসাধাৰণৰ মতামত নল’লে। জেপিচিয়ে নিজৰ প্ৰতিশ্ৰুতি পালন নকৰিলে। বলপূৰ্বকভাৱে বিধেয়কখন সমিতিখনে গ্ৰহণ কৰিলে। বিৰোধীৰ কথা নুশুনিলে,’ বিবৃতিটোত কয়।

উল্লেখ্য যে কালি নতুন দিল্লীত অনুষ্ঠিত জেপিচিৰ বৈঠকত বিৰোধীয়ে অনা বিধেয়কখনৰ আটাইকেইটা সংশোধনী প্ৰস্তাৱ নাকচ হৈছে। গতিকে ইয়াৰ দ্বাৰা বিজেপিয়ে প্ৰথমৰ পৰাই বিধেয়কখনৰ সপক্ষে প্ৰতিবেদন দিবলৈ যে বদ্ধপৰিকৰ আছিল সেই কথা ওলাই পৰা বুলিও ছাত্ৰ সন্থাই বিবৃতিটোত প্ৰকাশ কৰে।

লগতে বিজেপি শাসনলৈ অহাৰ আগতে অসমৰ জনসাধাৰণক দিয়া পাঁচটা মূল প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰি এই আটাইকেইটা পালনত যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে সেই কথা ছাত্ৰ সন্থাই আঙুলিয়াই দিয়ে।

সেই প্ৰতিশ্ৰুতিকেইটা আছিল প্ৰধান মন্ত্ৰী মোদীয়ে কোৱা ১৬ মে’ৰ পাছত বাংলাদেশীক টালি-টোপোলা বান্ধিব দিয়া, বিজেপিৰ ভিজন ডকুমে’ন্টত ‘অসম চুক্তি’ আখৰে আখৰে পালন কৰাৰ কথা, খিলঞ্জীয়া মানুহৰ স্বাৰ্থ সুৰক্ষিত কৰা, ২০১৪ৰ নিৰ্বাচনক দিয়া দ্বিতীয় শৰাইঘাটৰ ৰণৰ আখ্যা আৰু জাতি-মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি।

এই আটাইকেইটা কথাৰে এক বিপৰীত ছবিহে বিজেপি দল আৰু চৰকাৰৰ কাৰ্যকলাপত প্ৰকাশ পাইছে বুলি ছাত্ৰ সন্থাৰ নেতৃত্বই বিবৃতিটোত কৰা মন্তব্যত স্পষ্ট হৈ পৰে।

ইয়াৰ উপৰিও সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ টা জনগোষ্ঠীয় সংগঠনে পৰৱৰ্তী কাৰ্যপন্থা গ্ৰহণৰ বাবে অহা ৫ জানুৱাৰীত গুৱাহাটীত এখন সভা অনুষ্ঠিত কৰিব বুলিও এই বিবৃতিযোগে সদৌ অসম ছাত্ৰ সন্থাই জানিবলৈ দিয়ে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

September 15, 2025 7:42 pm
জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm
এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

September 15, 2025 6:40 pm
অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

September 15, 2025 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

September 15, 2025 7:42 pm
জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd