অৱসৰ প্ৰাপ্ত শিক্ষকক নিযুক্তিৰ সিদ্ধান্তৰ বিৰুদ্ধে গুৱাহাটীৰ হোটেল প্ৰাগ কণ্টিনেণ্টেলত ১৭ আগষ্ট দেওবাৰে সদৌ অসম ছাত্ৰ সন্থা (আছু) আৰু ৰাজ্যৰ ৯টা শিক্ষক সংগঠনৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। আছু আৰু শিক্ষক সংগঠনসমূহে এই সিদ্ধান্ত বাতিলৰ দাবী জনোৱাৰ লগতে আদৰ্শ মহাবিদ্যালয়সমূহত সহযোগী অধ্যাপকৰ পদ সৃষ্টিৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে। ইয়াৰ উপৰি শিক্ষিত নিবনুৱা যুৱক-যুৱতীৰ বাবে এই পদসমূহত নিযুক্তিৰ দাবীও উত্থাপন কৰা হয়।
বৈঠকত আলোচনা হয় যে যদি চৰকাৰে অৱসৰী শিক্ষকৰ অভিজ্ঞতাক অপৰিহাৰ্য বুলি গণ্য কৰে, তেন্তে তেওঁলোকক মেণ্টৰ বা গেষ্ট ফেকাল্টি হিচাপে নিযুক্তি দিয়া হওক। ইয়াৰ সমান্তৰালকৈ, আদৰ্শ মহাবিদ্যালয়ত নতুনকৈ নিযুক্ত শিক্ষকৰ তিনি বছৰীয়া প্ৰবেছনৰ নিয়মৰ পৰিৱৰ্তে UGCৰ নীতি-নিয়ম অনুসৰি দৰমহা আৰু স্থায়ী নিযুক্তিৰ দাবীও উত্থাপন কৰে বৈঠকত। লগতে, IQAC বা NAACৰ কাম-কাজৰ বাবে বিশেষ শৈক্ষিক বিষয়া নিযুক্তিৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। আছুৰ সভাপতি উৎপল শৰ্মাই বৈঠকৰ পিছত সংবাদ মাধ্যমৰ আগত এই সিদ্ধান্তসমূহৰ বিষয়ে প্ৰকাশ কৰে।
এই বৈঠকত শিক্ষাবৰ্ষ সলনিৰ বিষয়েও গুৰুত্বপূৰ্ণ আলোচনা হয়। উৎপল শৰ্মাই কয় যে অসমৰ ভৌগোলিক পৰিৱেশ অন্য ৰাজ্যৰ দৰে নহয়, গতিকে শিক্ষাবৰ্ষ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ পৰিবৰ্তন কৰাৰ দাবী আছুৱে দীৰ্ঘদিন ধৰি উত্থাপন কৰি আহিছে। চৰকাৰে এই সন্দৰ্ভত এখন কমিটি গঠন কৰিছে যদিও এই কমিটিৰ কাম ত্বৰান্বিত কৰাৰ দাবীও শৰ্মাই তুলি ধৰে। এই বৈঠকৰ জৰিয়তে আছু আৰু শিক্ষক সংগঠনসমূহে শিক্ষা ব্যৱস্থাৰ উন্নতিৰ বাবে একেলগে কাম কৰাৰ আশা প্ৰকাশ কৰে।