সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ মৃত্যু তিথি উপলক্ষে শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অহা ৫ নৱেম্বত শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰত সদৌ অসম ভিত্তিত মুকলি ভূপেন্দ্ৰ সংগীত প্ৰতিযোগীতাৰ আয়োজন কৰা হৈছে।
৩ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’ব লগা শিৱসাগৰ গ্ৰন্থ উৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা এই প্ৰতিযোগীতাখন গ্ৰন্থ উৎসৱৰ ড০ ময়িদুল ইছলাম বড়া সাহিত্য ক্ষেত্ৰত অনুষ্ঠিত হ’ব।
উদ্যোক্তা সকলে জানিবলৈ দিয়া মতে ২৫ হাজাৰ টকাৰ প্ৰাইজমাণি ঘোষণা কৰা প্ৰতিযোগীতাখনত যি কোনো বয়সৰ প্ৰতিযোগীয়ে ৪০০ টকা ভৰ্তি মাংছুল দি অংশগ্ৰহণ কৰিব পাৰে।
প্ৰতিযোগীতাৰ বাবে নিৰ্বাচিত কৰি দিয়া গীত সমূহ হ’ল, মানুহে মানুহৰ বাবে, আকাশীগংগা, এটুকুৰা আলসুৱা মেঘ, অস্ত আকাশ, নতুন নাগিনী, উদং উদং গা, নবমল্লিকা, লুইততে মোৰ ঘৰ, গুৱাহাটী কোনোবা, মোৰ গাটো দেখুন অ’মাকন, নাকান্দিবা নাকান্দিবা, সেন্দুৰ সেন্দুৰ ফোঁটটি, ৰিণিকি ৰিণিকি, ঐ ঐ আকাশ চুব, মোৰ মৰমে মৰম বিচাৰি যায়, মেঘে গিৰ গিৰ কৰে, মই এটি যাযাবৰ, শৈশৱতে ধেমালিতে, বিমূৰ্ত মোৰ নিশাটি, প্ৰতিধ্বনি শুনো, তোমাৰ উশাহ কঁহুৱা কোমল, মদাৰৰে ফুল, অগ্নি যুগৰ ফিৰিঙতি, অ’ মিচিং ডেকাটি, কত যোৱানৰ মৃত্যু হ’ল, বুকু হম হম কৰে আৰু কঁহুৱা বন।
প্ৰতিযোগীতাত অংশগ্ৰহণ কৰিব বিচৰা ইচ্ছুক প্ৰতিযোগীয়ে ৮৪৮৬২১১৯৭৩, ৭০৮৬৯০৪১০১ বা ৯১০১০৫৫৮৫১ নম্বৰত যোগাযোগ কৰিব পাৰে বুলি আয়োজকৰ তৰফৰ পৰা জানিবলৈ দিয়ে।