বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ; শিৱসাগৰত প্ৰতিবাদত নামিল আছু
ফটো: নৰ্থইষ্ট নাও।
ৰাজ্যৰ বাট পথ উন্নয়ন কৰা বুলি দাবী কৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন বিজেপি চৰকাৰৰ প্ৰকৃত উন্নয়নৰ ছবিখন উজনি অসমৰৰ ৰাষ্ট্ৰীয় ঘাই পথৰ দুৰৱস্থা দেখিলেই অনুমান কৰিব পৰা যায় ।
বিশেষকৈ শিৱসাগৰ জিলাৰ জাঁজীৰ পৰা ডিমৌলৈকে উক্ত চাৰিলেনযুক্ত পথচোৱা নিৰ্মাণত চৰম হেমাহিৰ বাবে বাৰুকৈয়ে জ্বলা কলা খাইছে জনসাধাৰণে।
ইয়াৰ পৰিপ্ৰেক্ষিততে শীঘ্ৰেই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ নিৰ্মাণৰ দাবীত আজি শিৱসাগৰ দৰিকাপাৰত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই।
লগতে পঢ়ক: জাতি-মাটি-ভাষাক ভালপোৱাৰ নিদৰ্শন! শৰীৰত অসমৰ জাতীয় সংগীত টাটু কৰি ল’লে নিতুৱে (চাওক ভিডিঅ’;)
চাৰিলেন যুক্ত পথ নিৰ্মাণ খৰতকীয়া কৰাৰ দাবীৰে আছুৰ কেইবা শতাধিক কৰ্মীয়ে উত্তাল কৰি তোলে ৰাষ্ট্ৰীয় ঘাইপথ।