এন আৰ চিত অত্যাচাৰিত ভাৰতীয়ক সহায়ৰ অংগীকাৰ আছুৰ

AASU vows to help Indians harassed in NRC update process

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মহানগৰীত আছুসহ ২৮ টা জনগোষ্ঠীয় সংগঠনৰ বিশাল প্ৰতিবাদৰ ফাইল ছবি।

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণত “ভুৱা আপত্তি” দাখিলৰ অভিযোগ উত্থাপিত হৈ থকাৰ সময়তে প্ৰক্ৰিয়াটোত অত্যাচাৰিত বৈধ ভাৰতীয়ক সহায়ৰ আশ্বাস দিছে সদৌ অসম ছাত্ৰ সন্থাই।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিযোগে এই কথা জানিবলৈ দিছে আছুৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু লুৰীণজ্যোতি গগৈয়ে।

বিবৃতিটোত কোৱা হৈছে, “আপত্তিৰ ক্ষেত্ৰত ক’ৰবাত দুই এটা বিচ্যুতি দৃষ্টিগোচৰ হৈছে। এই ক্ষেত্ৰত ছাত্ৰ সন্থা আৰু ৩০টা জনগোষ্ঠীয় সংগঠনে যাৱতীয় ব্যৱস্থা লৈছে। আপত্তি প্ৰক্ৰিয়াত ১৯৭১চনৰ আগৰ ভাৰতীয় নাগৰিক বা খিলঞ্জীয়া মানুহে আপত্তিৰ সন্মুখীন হৈ অসুবিধা হোৱা সকলক ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনে সহায় কৰিব।”

নাগৰিকপঞ্জীৰ খচৰাৰ পৰা বাদ পৰা খিলঞ্জীয়া লোক আৰু ১৯৭১ৰ আগৰ সকলো হিন্দু-মুছলমান নাগৰিকক নিজৰ দাবীৰ ক্ষেত্ৰত আছুৱে ইতিমধ্যে সহায় কৰা বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে।

“তৎসত্বেও” সমালোচনা কৰাসকলে ছাত্ৰ সন্থাৰ যোগাত্মক পদক্ষেপক স্বীকাৰ নকৰি নিজৰ “একপক্ষীয়, উদ্দেশ্যপ্ৰণোদিত, ঠেক চিন্তাৰ পৰিচয়” দিয়া বুলি বিবৃতিটোত কোৱা হৈছে।

এন আৰ চিৰ দাবী-আপত্তিৰ শুনানি আৰম্ভ হোৱাৰ লগে লগে নামে-বেনামে বহু আপত্তিৰ আবেদন দাখিল হোৱাৰ অভিযোগ উঠিছে। ইতিমধ্যেই আমছু, জমিয়ত উলামাৰ লগতে কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়ায়ো এনে ভুৱা আপত্তিৰ তথ্য ফাদিল কৰিছে।

আনহাতে কোনো লোকৰ বিৰুদ্ধে বহু দূৰৈৰ কোনো ধৰণৰ সম্পৰ্ক বা চা-চিনাকি নথকা ব্যক্তিয়েও আপত্তি দৰ্শোৱা সন্দৰ্ভতো ছাত্ৰ সন্থাই স্থিতি স্পষ্ট কৰিছে। “আইনে কয় যে যি কোনো এখন ঠাইৰ যিকোনো এজন ভাৰতীয়ই যিকোনো ঠাইৰ যি কোনো এজন অবৈধ বাংলাদেশীৰ বিৰুদ্ধে আপত্তি তুলিব পাৰে।”

ইপিনে, আপত্তি প্ৰক্ৰিয়াত অংশ লোৱা কিছু লোকক কোনো কোনো ঠাইত ভাবুকি প্ৰদান কৰা হৈছে বুলিও বিবৃতিটোত উল্লেখ কৰা হৈছে। এই ক্ষেত্ৰত চৰকাৰক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবেও আছুৱে দাবী জনাইছে।