• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নতুন শিক্ষা নীতি বিতৰ্ক : চালি-জাৰি চাইহে মত দিব আছুৱে

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 3, 2019 7:15 pm
toppers felicitation by AASU

গুৱাহাটীৰ জিলা পুথিভৰাল প্ৰেক্ষাগৃহত আছুৰ “বিশেষ অভিনন্দন অনুষ্ঠান”। ফটো : য়ু বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মোদী চৰকাৰ-২ অহাৰ পিছতে দেশজুৰি সমালোচনাৰ ঢৌ সৃষ্টি কৰা নতুন শিক্ষা নীতিৰ খচৰাক লৈ নিজৰ পৰ্য্যালোচনা-ভিত্তিক মতামত আগ বঢ়োৱাৰ সিদ্ধান্ত লৈছে সদৌ অসম ছাত্ৰ সন্থাই।

দেশৰ আগশাৰীৰ বিজ্ঞানী ড০ কস্তুৰীৰঞ্জনৰ নেতৃত্বত প্ৰস্তুত হোৱা নতুন শিক্ষা নীতিৰ খচৰাত থকা কথাবোৰ চালি-জাৰি চাব বুলি সোমবাৰে গুৱাহাটীৰ জিলা পুথিভৰাল প্ৰেক্ষাগৃহত আয়োজিত “বিশেষ অভিনন্দন অনুষ্ঠান”ত প্ৰসংগ ক্ৰমে জানিবলৈ দিলে আছুৰ সভাপতি দীপাংক কুমাৰ নাথে।

“এই শিক্ষানীতিত আমাৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অপ্ৰয়োজনীয় কথা যদি আছে সেই বিষয়ত শিক্ষাবিদসকলৰ লগত কথা পাতি আমাৰ মত আগ বঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো”, ছাত্ৰ সংগঠনটোৰ সভাপতিজনৰ মন্তব্য।

ইয়াত বহুতো নতুন কথা থকা বাবে পোনচাটেই ইয়াক গ্ৰহণ কৰিবলৈ টান পোৱা বুলি উল্লেখ কৰি এই সন্দৰ্ভত “পৰ্য্যালোচনাৰ প্ৰয়োজন আছে” বুলি তেওঁ কয়।

ইপিনে, গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ে প্ৰৱৰ্তনৰ বাবে চিন্তা-চৰ্চা কৰি থকা Choice Based Credit System (CBCS) পদ্ধতিক আঁসোৱাহপূৰ্ণ বুলি দাবী কৰে আছুৰ সভাপতিগৰাকীয়ে। এই পদ্ধতি গুৱাহাটীৰ দৰে ঠাইৰ মহাবিদ্যালয়ৰ বাবে সম্ভৱ যদিও কাৰ্বি-আংলং, ডিমা হাচাও আদিৰ দৰে পিছপৰা জিলাৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিব বুলি মন্তব্য কৰে।

অৱশ্যে, একেটা অনুষ্ঠানতে উপস্থিত থকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য ড০ অলক কুমাৰ বুঢ়াগোহাঁয়ে একপ্ৰকাৰ সমৰ্থন জনায় এই নতুন শিক্ষানীতিক। এই খচৰাক দেশখনে পৰিৱৰ্তনৰ লগত যে খাপ খাব বিচাৰে, তাৰেই এক প্ৰমাণ বুলি অভিহিত কৰে।

“যুগ সলনি হৈছে, সময় সলনি হৈছে, গোটেই পৃথিৱীত অভাৱনীয়ভাৱে জ্ঞানৰ বিস্ফোৰণ ঘটিছে। ইয়াৰ লগত আৰু এটা সংযোজন হৈছে সেয়া হৈছে প্ৰযুক্তি। এই পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত আমাৰ শিক্ষা ব্যৱস্থাই কেনে ধৰণে গতি লোৱাৰ প্ৰয়োজনীয়তা আছে সেই সন্দৰ্ভত আমাৰ নীতি-নিৰ্দেশনা সমূহৰ সময়ে সময়ে সলনি কৰি থকাৰ প্ৰয়োজনীয়তা আছে”, প্ৰাক্তন উপাচাৰ্য্যজনে কয়।

ড০ বুঢ়াগোহাঁইয়ে এই খচৰাখন নিজে সম্পূৰ্ণকৈ পঢ়া নাই বুলি উল্লেখ কৰি তেওঁ পঢ়ি চোৱা আৰম্ভণিৰ কেইটামান পৃষ্ঠাত থকা বিভিন্ন নীতি সম্পৰ্কে বক্তব্য ৰাখে। ইয়াৰ ভিতৰত খচৰাখনৰ পাতনিত ইউনেস্ক’ৰ শিক্ষা সম্পৰ্কীয় নীতিক ইয়াত অগ্ৰাধিকাৰ দিয়াৰ কথা তেওঁ ভাষণত উল্লেখ কৰে।

ছাত্ৰ সংগঠনটোৱে আজি গুৱাহাটীৰ জিলা পুথিভৰাল প্ৰেক্ষাগৃহত হাইস্কুল শিক্ষান্ত পৰীক্ষা, হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত স্থান লাভৰ সৈতে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন অনুষ্ঠানৰ আয়োজন কৰিছিল।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভূমিহীনৰ চকুত অশ্ৰু! এইবাৰ বিশ্বনাথত চলিল চৰকাৰী বুলডজাৰ

ভূমিহীনৰ চকুত অশ্ৰু! এইবাৰ বিশ্বনাথত চলিল চৰকাৰী বুলডজাৰ

August 17, 2025 4:53 pm
আশ্ৰমৰ ভিতৰত শুই থকা মহিলাক ধ*ৰ্ষণ : গ্ৰেপ্তাৰ প্ৰধান পুৰোহিত

আশ্ৰমৰ ভিতৰত শুই থকা মহিলাক ধ*ৰ্ষণ : গ্ৰেপ্তাৰ প্ৰধান পুৰোহিত

August 17, 2025 4:20 pm
ডিমা হাচাওত ৪৫ বছৰীয়া মহিলাৰ মৃতদেহ উদ্ধাৰ : ধ*ৰ্ষণ আৰু হ*ত্যাৰ অভিযোগত পাঁচজনক গ্ৰেপ্তাৰ

ডিমা হাচাওত ৪৫ বছৰীয়া মহিলাৰ মৃতদেহ উদ্ধাৰ : ধ*ৰ্ষণ আৰু হ*ত্যাৰ অভিযোগত পাঁচজনক গ্ৰেপ্তাৰ

August 17, 2025 3:55 pm
‘আস্থাভিত্তিক শাসন’ নে ‘অপৰাধীক সুৰক্ষা প্ৰদানৰ কৌশল! লোকসভাত উত্থাপন হ’ব জন বিশ্বাস (সংশোধনী) বিধেয়ক-২০২৫

‘আস্থাভিত্তিক শাসন’ নে ‘অপৰাধীক সুৰক্ষা প্ৰদানৰ কৌশল! লোকসভাত উত্থাপন হ’ব জন বিশ্বাস (সংশোধনী) বিধেয়ক-২০২৫

August 17, 2025 3:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভূমিহীনৰ চকুত অশ্ৰু! এইবাৰ বিশ্বনাথত চলিল চৰকাৰী বুলডজাৰ

ভূমিহীনৰ চকুত অশ্ৰু! এইবাৰ বিশ্বনাথত চলিল চৰকাৰী বুলডজাৰ

August 17, 2025 4:53 pm
আশ্ৰমৰ ভিতৰত শুই থকা মহিলাক ধ*ৰ্ষণ : গ্ৰেপ্তাৰ প্ৰধান পুৰোহিত

আশ্ৰমৰ ভিতৰত শুই থকা মহিলাক ধ*ৰ্ষণ : গ্ৰেপ্তাৰ প্ৰধান পুৰোহিত

August 17, 2025 4:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd