আছু নেতাক ভয়-ভাবুকি প্ৰদৰ্শন কেতিয়াও সহ্য কৰা নহ’ব : সমুজ্জ্বল ভট্টাচাৰ্য

Samujjal Bhatta

আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্য। ফাইল ফটো

সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে আপত্তি দাখিল কৰাৰ বাবে নগাঁৱত আছু নেতা-কৰ্মীক ভয় ভাবুকি প্ৰদৰ্শন কৰাৰ ঘটনা পোহৰলৈ অহাৰ পাছত শনিবাৰে পুনৰ  এজন আছু নেতাক আপত্তিৰ আৱেদন উঠাই ল’বলৈ ভাবুকি দিয়া ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, নগাঁও মহকুমা ছাত্ৰ সন্থাৰ উপ-সভাপতি কৌশিক শইকীয়াক শনিবাৰে কানু ডকাইত নামৰ এজন ব্যক্তিয়ে জুৰীয়াস্থিত তেওঁৰ বাসভৱনলৈ গৈ এন আৰ চিত দাখিল কৰা আপত্তিৰ আৱেদন সোমবাৰৰ ভিতৰত উঠাই নল’লে পৰিস্থিতি বিষম হ’ব বুলি ভাবুকি প্ৰদান কৰে।

ইপিনে, সমগ্ৰ বিষয়টো সন্দৰ্ভত কৌশিক শইকীয়াই সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদককৰ লগতে আছুৰ কেন্দ্ৰীয় সমিতিকো বিষয়টো অৱগত কৰে।

উল্লেখযোগ্য যে যোৱা ৯ মে’ৰ দিনৰ প্ৰায় ৯ বজাত সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক কংকনজ্যোতি শৰ্মাক ম’বাইল ফোনযোগে এজন অজ্ঞাত লোকে ভাবুকি দি কুকুৰৰ দৰে চোঁচৰাই নি মাৰপিট কৰাৰ ধমকি দিছিল।

৮৭৬১০৫৩২৫৬ নম্বৰৰ পৰা এজন অচিনাক্ত ব্যক্তিয়ে আছুৰ বিষয়ববীয়াজনৰ ম’বাইল ফোনলৈ ফোন কৰি এন আৰ চিত অভিযোগ দাখিল কৰাৰ বাবে বিভিন্ন অশ্লীল বাক্যবাণেৰে সকীয়নি দিছিল। এই সন্দৰ্ভত ইতিমধ্যে আছুৰ নেতৃত্বই বিষয়টো জিলা আৰক্ষী অধীক্ষকক অৱগত কৰিছে।

আনহাতে, নগাঁৱত আছুৰ নেতা-কৰ্মীলৈ ভাবুকি প্ৰদৰ্শনৰ ঘটনা সন্দৰ্ভত আছুৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইতিমধ্যে বিষয়টো সন্দৰ্ভত নগাঁও আছুৰ আৰু আছুৰ কেন্দ্ৰীয় সমিতিয়ে জিলা আৰক্ষী অধীক্ষকক বিষয়টো অৱগত কৰাৰ লগতে চৰকাৰ আৰু প্ৰশাসনক এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

ড০ ভট্টাচাৰ্যই কয় যে আছু কৰ্মীক এইদৰে ভয়-ভাবুকি প্ৰদানৰ ঘটনা কেতিয়াও সহ্য কৰা নহ’ব। কাকো আইন হাতত তুলি ল’বলৈ দিয়া নহ’ব বুলি সকীয়াই দি আছুৰ নেতাজনে কয় যে অসমত যদি খিলঞ্জীয়াৰ চৰকাৰ চলিছে, তেনেহ’লে এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক।