চামগুৰিৰ আমলখিত মন্ত্ৰী সঞ্জয় কৃষাণৰ প্ৰতিমূৰ্তি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত আটছাৰ

কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বাগিছাসমূহৰ ছাত্ৰ-ছাত্ৰীক উচ্চ শিক্ষাৰ বাবে প্ৰাপ্য জলপানী পোৱাৰ পৰা বঞ্চিত কৰাৰ অভিযোগ

index.jpg2

নগাঁও জিলাৰ চামগুৰিৰ আমলখিত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। অসম চাহ নিগমৰ অধীনস্থ আমনিৰ আমলখি চাহ বাগিছাৰ শতাধিক চাহ শ্ৰমিক মহিলাৰ সহযোগত আটছাৰ নগাঁও জিলা সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

প্ৰতিবাদকাৰীসকলে চুড়ান্তভাবে ক্ষোভ উজাৰিলে শ্ৰম তথা চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কৃষাণৰ বিৰুদ্ধে।

উল্লেখযোগ্য যে, চাহ জনজাতীয় লোকসকলক প্ৰতিনিধিত্ব কৰা বৰ্তমান শাসনাধিষ্টিত বিজেপি চৰকাৰৰ মন্ত্ৰী সঞ্জয় কৃষাণৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত চাহ জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ উচ্চ শিক্ষাৰ বাবে জলপানী প্ৰদানৰ শেহতীয়াকৈ যি ব্যৱস্থা কৰা হৈছিল সেই আঁচনিৰ বাবে আবেদন-নিবেদন তথা ধৰা পৰা বিসংগতি সমূহ তিনিবাৰকৈ শুদ্ধৰাই দিয়াৰ পিছতো অতি উদ্বেগজনক ভাৱে কলিয়াবৰ মহকুমাৰ অন্তৰ্গত চাহ বাগিছা সমূহৰ এজনো ছাত্ৰ-ছাত্ৰীৰ নাম অন্তভুৰ্ক্ত নোহোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি এতিয়া ক্ষোভিত হৈ পৰিছে নগাঁও জিলাৰ আটছাৰ নেতা-কৰ্মীসকল।

যাৰ বাবে আটছাৰ একাংশ ক্ষুব্ধ নেতা-কৰ্মীয়ে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে চৰম অসন্তুষ্টি প্ৰকাশ কৰি আমলখি চাহ বাগিছাৰ ৰাজপথত মন্ত্ৰী সঞ্জয় কৃষাণৰ প্ৰতিমূৰ্তি দাহ কৰি মন্ত্ৰী গৰাকীৰ লগতে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগান প্ৰদানেৰে উত্তাল কৰি তুলে পৰিস্থিতি।

প্ৰতিবাদকাৰীসকলে কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰাৰ উপৰিও কলিয়াবৰ মহকুমাৰ অন্তৰ্গত চাহ বাগিছাসমূহৰ এগৰাকী ছাত্ৰ-ছাত্ৰীকো উচ্চ শিক্ষাৰ বাবে জলপানী প্ৰদানৰ ব্যৱস্থা নকৰা অকৰ্তৃত্বশীল মন্ত্ৰী সঞ্জয় কৃষাণক বৰ্তমান চাহ জনজাতীয় ৰাইজে পাহৰি পেলাইছে।

মন্ত্ৰী কৃষাণে চাহ জনজাতি কল্যাণ বিভাগটো সুচাৰুৰূপে পৰিচালনা কৰাত চুড়ান্ত ৰূপে ব্যৰ্থ হৈছে বুলি ক্ষোভ প্ৰকাশ কৰিছে নগাঁও জিলা আটছাৰ সভাপতি মহেন্দ্ৰ নায়কে।

ইফালে শীঘ্ৰে চৰকাৰে উচ্চ শিক্ষাৰ বাবে জলপানী পোৱাৰ ক্ষেত্ৰত চাহ জনজাতি কল্যাণ বিভাগে বিশেষ আঁচনিখনৰ অধীনত প্ৰস্তুত কৰা তালিকাত অসমৰ প্ৰতিখন চাহ বাগিছাৰ লগতে কলিয়াবৰ মহকুমাৰ অন্তৰ্গত চাহ বাগিছাসমূহৰ দৰিদ্ৰ তথা মেধা ছাত্ৰ-ছাত্ৰীসকলৰ নামো নতুনকৈ অৰ্ন্তভুক্ত কৰিবৰ বাবে সজোৰে দাবী উত্থাপন কৰিছে।

প্ৰতিবাদকাৰীসকলে সঞ্জয় কৃষাণক এগৰাকী অযোগ্য মন্ত্ৰী বুলি কটাক্ষ কৰি তেওঁক মন্ত্ৰীত্ব পদৰ পৰা অপসাৰণ কৰাৰো দাবী উত্থাপন কৰে।

অন্যথা বঞ্চিত চাহ বাগিছাসমূহত পৰৱৰ্তী সময়ত চৰকাৰ তথা মন্ত্ৰী গৰাকীৰ বিৰুদ্ধে জংগী আন্দোলনৰ কাৰ্য্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে আটছাৰ প্ৰতিবাদী নেতা-কৰ্মী সকলে।