মাৰিলে ৪৩টা চাৰি, ২৪টা ছয়। ১৫২ বলত অপৰাজিত ৪১৯ ৰানৰ মাৰাথন ইনিংছ। ই কোনো দলৰ মুঠ স্ক’ৰ নহয়, বেটছমেনৰ ব্যক্তিগত স্ক’ৰহে। নিজৰ বিস্ফোৰক বেটিঙেৰে হেৰিছ শ্বিল্ড টুৰ্ণামেণ্টত বিধ্বংসী ৰূপ ধাৰণ কৰিছিল আয়ুষ শ্বিণ্ডেই। এনে বিস্ফোৰক বেটিঙেৰে আয়ুষে শচীন তেণ্ডুলকাৰৰ দুৰ্দান্ত অভিলেখ ভংগ কৰে। আয়ুষৰ স্মৰণীয় ইনিংছক ভৰ কৰিয়েই তেওঁৰ দলটোৱে স্ক’ৰ ব’ৰ্ডত ৬৪৮ ৰান সংগ্ৰহ কৰি অৱশেষত ৪৬৮ ৰাণেৰে মেচখন জয় কৰে।
জেনেৰেল এডুকেশ্যন একাডেমীৰ হৈ খেলি থকা সময়ত আয়ুষ শ্বিণ্ডে নিজৰ বেটিঙেৰে সকলোকে আচৰিত কৰি তুলিছে। এই প্ৰতিযোগিতাত ১৬ বছৰ বয়সত শচীনে তেণ্ডুলকাৰে বিনোদ কাম্বলীৰ সৈতে ৬৬৪ ৰানৰ অভিলেখ পাৰ্টনাৰশ্বিপ গঢ়িছিল। সেইবাৰ শচীনে ৩২৬ ৰানৰ এক শক্তিশালী ইনিংছ খেলিছিল। বিপৰীতে কাম্বলিয়ে সংগ্ৰহ কৰিছিল ৩৪৯ ৰান। আয়ুষে দুয়োকে অতিক্ৰম কৰি গৈছে। ১২ বছৰ বয়সত হেৰিছ শ্বিল্ড প্ৰতিযোগিতাত সৰফৰাজ খানে ব্যক্তিগত ৪৩৯ ৰান সংগ্ৰহ কৰিছিল। সেই অভিলেখ ভংগ কৰিবলৈ আয়ুষৰ মাত্ৰ ২১ ৰান বাকী আছিল।
লগতে পঢ়কঃ চিবিআই আদালতে নাকচ কৰিলে চুমি বৰাৰ জামিন আবেদন
শচীন তেণ্ডুলকাৰে নিজৰ কেৰিয়াৰত বহু অভিলেখ অৰ্জন কৰিছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ তেওঁৰ আছে। শচীনে এনে কৃতিত্ব কৰিছে যিবোৰ কোনেও কল্পনাও কৰিব পৰা নাই। শৈশৱতে তেওঁ আৰম্ভ কৰিছিল। হেৰিছ শ্বিল্ড প্ৰতিযোগিতাত বিনোদ কাম্বলীৰ সৈতে শচীনৰ ৬৬৪ ৰানৰ পাৰ্টনাৰশ্বিপ আজিও স্মৰণীয় হৈ আছে। আজিও ইয়াৰ চৰ্চা চলি আছে। এই মেচত শচীনে যি ৰেকৰ্ড কৰিছিল সেয়া ভাঙি গৈছে।
হেৰিছ শ্বিল্ড প্ৰতিযোগিতাত জেনেৰেল এডুকেশ্যন একাডেমীৰ আয়ুষ শ্বিণ্ডেই ৪১৯ ৰানৰ অপৰাজিত ইনিংছ খেলিলে। আয়ুষে সহজেই শচীনৰ স্ক’ৰ অতিক্ৰম কৰে। এই যুটিত শচীনে অপৰাজিত হৈ ৩২৬ ৰান সংগ্ৰহ কৰিছিল। বিনোদ কাম্বলিয়ে ৩৪৯ ৰানৰ অপৰাজিত ইনিংছ খেলিছিল। মঙলবাৰে আয়ুষে দুয়োকে অতিক্ৰমি যায়।
২০০৯ চনত ১২ বছৰ বয়সত সৰফৰাজ খানে ৪৩৯ ৰানৰ ইনিংছটো খেলিছিল। ইয়াৰ পিছত এইটো প্ৰতিযোগিতাখনৰ দ্বিতীয় সৰ্বাধিক ব্যক্তিগত ইনিংছ। আয়ুষৰ ইনিংছৰ জোৰত তেওঁৰ দলটোৱে ৪৫ অভাৰত ৬৪৮/৫ ৰান সংগ্ৰহ কৰি ৪৬৪ ৰানৰ বিপুল ব্যৱধানত জয়লাভ কৰে। ১৫২ বলৰ ইনিংছত আয়ুছে ৪৩টা চাৰি আৰু ২৪টা ছয় মাৰে। ২০১৩ চনত হেৰিছ শ্বিল্ডত ১৪ বছৰীয়া পৃথ্বী শ্ব’ৱে এটা ইনিংছত সৰ্বাধিক ৫৪৬ ৰান সংগ্ৰহ কৰিছিল।
এই টুৰ্ণামেণ্টৰ পৰা ওলাই আহি শচীনে টিম ইণ্ডিয়াত স্থান লাভ কৰে। ইয়াৰ পৰাই সৰফৰাজ খান আৰু পৃথ্বী শ্ব’ৱেও টিম ইণ্ডিয়াৰ হৈ যাত্ৰা আৰম্ভ কৰে। এতিয়া আয়ুষে এই তিনিজনৰ পথ অনুসৰণ কৰিব পাৰে নে নোৱাৰে সেয়া লক্ষ্যণীয় হ’ব।
লগতে পঢ়কঃ এই তিনিটা সুখ-যিয়ে এই পৃথিৱীতে মানুহক দিয়ে স্বৰ্গৰ অনুভৱ, কি কৈছে চাণক্যই?
উল্লেখ্য যে এই হেৰিছ শ্বিল্ড টুৰ্ণামেণ্ট মুম্বাই ক্ৰিকেটৰ আটাইতকৈ ডাঙৰ প্ৰতিযোগিতা বুলি বিবেচিত হৈছে। সকলোৰে চকু ইয়াৰ ওপৰত থাকে। এই প্ৰতিযোগিতাত খেলা বহু খেলুৱৈয়ে মুম্বাইৰ ৰঞ্জি ট্ৰফী দলত স্থান লাভ কৰে। আয়ুষেও নিজৰ ক্ৰিকেট কেৰিয়াৰক নতুন উচ্চতালৈ লৈ যাবলৈ বিচাৰিব। লগতে তেওঁ ভাল পৰ্যায়ত ক্ৰিকেট খেলিব বিচাৰে।
এই ইনিংছৰ পাছত তেওঁ ক্ৰিকেট মহলৰ দৃষ্টিত আহিছে আৰু তেওঁক মুম্বাই অনূৰ্ধ্ব-১৬ বা অনূৰ্ধ্ব-১৯ দলত অতি সোনকালে দেখা পোৱাটো কোনো আচৰিত কথা নহ’ব। এই প্ৰতিযোগিতাত শচীনে কৰিব নোৱাৰা কাম আয়ুষে কৰিলে। শচীনে ৪০০ ৰান পাৰ কৰিব নোৱাৰিলে যদিও আয়ুষে সেয়া কৰিলে।