• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 13, 2025 6:31 pm
42
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আৰাজ্যিক কৰ্কট চিকিৎসালয়ত কৰ্কট ৰোগীৰ চিকিৎসা মাচুল ব্যাপক বৃদ্ধিৰ সিদ্ধান্তক অবিবেচক, অকল্পনীয় আৰু দানৱীয় সিদ্ধান্ত বুলি অভিহিত কৰিছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে। এই সিদ্ধান্ত প্ৰত্যাহাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ ওচৰত ডি ৱাই এফ আইয়ে দাবী জনাইছে। কৰ্কট প্ৰতিষ্ঠানখনে অভাৱনীয় হাৰত মাচুল বৃদ্ধি কৰিবলৈ সিদ্ধান্ত লৈছে। খবৰ অনুসৰি সাধাৰণ বিচনাৰ (জেনেৰেল বেড) মাচুল ২০০ টকাৰ পৰা ১৫০০ টকালৈ, পঞ্জীয়ন মাচুল ১০০ টকাৰ পৰা ৩৬০ টকালৈ, এজনীয়া কেবিনৰ মাচুল ৩০০০ টকাৰ পৰা ৪৫০০ টকালৈ, যৌথ কেবিনৰ মাচুল ২০০০ টকাৰ পৰা ৩ হাজাৰলৈ, ICUৰ মাচুল ১৫০০ টকাৰ পৰা ৪ হাজাৰ টকালৈ, তেজ পৰীক্ষাৰ মাচুল ১২০০ ৰ পৰা ২৪০০ টকালৈ, চি টি স্কেনৰ মাচুল ৪৫০০ ৰ পৰা ৬৫০০ টকালৈ বৃদ্ধি কৰাৰ লগতে ৰোগী ভৰ্তি হোৱাৰ সময়ত ১০,০০০ টকা আগধন জমা দিয়াৰ নতুন নিয়ম বান্ধি দিছে। এই সিদ্ধান্তই ৰাজ্যৰ বিভিন্ন অংশৰ মানুহৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰিছে।

পাব্লিক-প্ৰাইভেট পাৰ্টনাৰশ্বীপত গঢ়ি উঠা ৰাজ্যিক কৰ্কট চিকিৎসালয়খনে যদি সাধাৰণ দুখীয়া ৰোগীৰ কথা চিন্তা নকৰি নিজৰ ইচ্ছা মতে যদি মাচুল বৃদ্ধি কৰে, তেন্তে এনে যৌথ প্ৰতিষ্ঠান পৰিচালনা আৰু মাচুল নিৰ্ধাৰণৰ ক্ষেত্ৰত চৰকাৰৰ ভুমিকা কি বুলি প্ৰশ্ন উত্থাপন কৰিছে ডি ৱাই এফ আইয়ে। ৰাজ্যিক কৰ্কট চিকিৎসা প্ৰতিষ্ঠানখনলৈ মূলতঃ ৰাজ্যৰ দুখীয়া আৰু আৰ্থিকভাৱে দুৰ্বল অংশৰ লোকেই চিকিৎসা কৰিবলৈ আহে, তেনেস্থলত চিকিৎসা মাচুল বৃদ্ধিৰ অৰ্থই হৈছে সাধাৰণ মানুহৰ ওপৰত অধিক আৰ্থিক বোজা জাপি দিয়া। ৰাজ্যৰ চৰকাৰী ভূমি আৰু আন্তঃগাঁ‌থনি ব্যৱহাৰ কৰি কেইবাখনো পাব্লিক-প্ৰাইভেট পাৰ্টনাৰশ্বীপত কৰ্কট প্ৰতিষ্ঠান গঢ়ি উঠিছে। আৰম্ভণিতে ৰাজ্যবাসীৰ সুবিধাৰ্থে এইসমূহ প্ৰতিষ্ঠান গঢ়ি তোলা বুলি চৰকাৰৰ পক্ষৰ পৰা দাবী জনাই আহিছিল। কিন্তু ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ মাচুল বৃদ্ধিৰ সিদ্ধান্তই প্ৰমাণ কৰি দিছে যে জনতাৰ সেৱা নহয়, ব্যৱসায়ীক দৃষ্টিভংগী আগত ৰাখিহে এই প্ৰতিষ্ঠানসমূহ নিৰ্মাণ কৰা হৈছে। মুড়ি-পিঠাগুড়িৰ দৰে সামগ্ৰীত জি এছ টি লগাই কৰ সংগ্ৰহ কৰা বিজেপি চৰকাৰে যে ৰাজহ সংগ্ৰহৰ বাবে কৰ্কট ৰোগীকো ৰেহাই নিদিব সেয়া সৰ্বসাধাৰণ ৰাইজৰ কল্পনাৰ বাহিৰত আছিল। এনে নিঃকৃষ্ট কাণ্ডৰ পৰা আঁ‌তৰি আহি ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ মাচুল বৃদ্ধিৰ সিদ্ধান্তত হস্তক্ষেপ কৰিবলৈ ডি ৱাই এফ আইয়ে দাবী জনাইছে ।

Apply Now
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm
মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd