NORTHEAST NOW (Assamese)

অসামাজিক কাম-কাজত লিপ্ত এবিএমছুৰ কেন্দ্ৰীয় নেতাক সংগঠনৰ পৰা বহিষ্কাৰ

July 29, 2021 2:53 pm · দীপক কুমাৰ পাঠক

সদৌ বি.টি.চি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ সহ‌কাৰী সম্পাদক চহিদুৰ ৰহমানক এবিএমছুৰ পৰা বহিষ্কাৰ কৰা হৈছে।

আজি এক প্ৰেছ বিবৃতিৰ জৰিয়তে এবিএমছুৰ সভাপতি আশ্ৰাফুল ইছলাম আৰু সাধাৰণ সম্পাদক টাইছন হুছেইনে এই কথা জানিব দিয়ে।

এবিএমছুৰ নেতাদ্বয়ে কয় যে চহিদুৰ ৰহমানে এবিএমছুৰ সহকাৰী সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্বত নিয়োজিত হৈ থাকিও বিভিন্ন অসামাজিক কাম-কাজত লিপ্ত হোৱাৰ ঘটনা পোহৰলৈ অহাত জনগণ আৰু সমাজৰ প্ৰতি দায়বদ্ধ জাতীয় ছাত্ৰ সংগঠন হিচাপে এবিএমছুৱে তৎকালীনভাৱে চহিদুৰ ৰহমানক এবিএমছুৰ পদবী আৰু সাধাৰণ সদস্য পদৰ পৰা আজীৱন বহিষ্কাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

জনগণ তথা যিকোনো অনুষ্ঠানক এবিএমছু সন্দৰ্ভত চহিদুৰ ৰহমানৰ সৈতে কোনো ধৰণৰ যোগাযোগ নাৰাখিবলৈ ছাত্ৰ নেতাদ্বয়ে বিবৃতিটোৰ জৰিয়তে আহ্বান জনাইছে।

Related News