NORTHEAST NOW (Assamese)

লণ্ডনত প্ৰতিষ্ঠিত এজন পুত্ৰ, আনজন উকীল; কিন্তু অৱহেলিত বৃদ্ধ পিতৃ থাকে ফুটপাথত!

February 20, 2025 9:19 pm · এন ই নাও নিউজ, গুৱাহাটী

এয়া কেনেকুৱা সন্তান? জীৱনত প্ৰতিষ্ঠিত হোৱাৰ লগে লগে পিতৃ-মাতৃৰ ঋণ পাহৰি গ’ল! এতিয়া অনাদৰ আৰু অৱহেলিত হৈ পিতৃ পৰি আছে ৰাস্তাত। জীৰ্ণ শৰীৰ, পিন্ধনত লেতেৰা কাপোৰ। পিতৃ-মাতৃ ক’ত আছে, কি কৰি আছে সেই লৈ পুত্ৰ দুজনৰ কোনো চিন্তা নাই।

অৱশেষত বৃদ্ধজনৰ অৱস্থা দেখি এটা স্বেচ্ছাসেৱী সংগঠনে সহায়ৰ হাত আগবঢ়ালে। বৃ্দ্ধই দোষ দিছে অদৃষ্টক। আৰু সমাজে বৃদ্ধজনৰ দুই পুত্ৰক ‘কুলাংগাৰ’ বুলি গালি দিছে। নেটিজেনসকল ক্ষুব্ধ হৈ পৰিছে।

মুম্বাইত সংঘটিত হৈছে এই ঘটনা। শেহতীয়াকৈ ধাৰাভিৰ সমীপৰ ৰাজপথত এজন অসহায় বৃদ্ধক দেখা গ’ল। আপাত দৃষ্টিত তেওঁৰ অৱস্থা আছিল নিঃস্ব। এই কাণ্ড দেখি এটা স্বেচ্ছাসেৱী সংগঠনে লৰালৰিকৈ তেওঁক উদ্ধাৰ কৰিবলৈ আগবাঢ়িল। বৃদ্ধৰ এই পৰিণতি কিয় হ’ল? উত্তৰত শীৰ্ণ শৰীৰৰ বৃদ্ধজনে যি ক’লে, সেই কথাই যিকোনো সচেতন ব্যক্তিক ক্ষুব্ধ কৰাটোৱে স্বাভাৱিক।

বৃদ্ধৰ মতে তেওঁৰ দুজন পুত্ৰ আছে। এজনে যোৱা চাৰি বছৰ ধৰি লণ্ডনত বাস কৰি আছে। আন এজন উকীল, মহানগৰীতে থাকে। অৱশ্যে বৃদ্ধ পিতৃক পোহপাল দিয়াৰ দায়িত্ব লোৱা নাই পুত্ৰ দুজনে। ফলত ৰাস্তাৰ কাষৰ ফুটপাথেই হ’ল বসতি। পুত্ৰই তেওঁৰ কোনো খা-খৱৰ নকৰে।

অৱশেষত এটা স্বেচ্ছাসেৱী সংগঠনে বৃদ্ধজনক দেখি সহায়ৰ হাত আগবঢ়ালে। প্ৰথম অৱস্থাত সংস্থাটোৱে তেওঁক গা ধুৱাই দিলে, নতুন কাপোৰ আৰু থকাৰ ব্যৱস্থা কৰিলে। বৃদ্ধজনেও স্বেচ্ছাসেৱী সংগঠনটোৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।

সকলোৱে বৃদ্ধ মানুহজনৰ পুত্ৰক ‘কুলাংগাৰ’ বুলি অভিহিত কৰিছে। নেটিজেনসকলৰ বহুতে মন্তব্য কৰি কয় যে পিতৃৰ প্ৰতি এনে আচৰণ কৰাসকলে নিজৰ পৰৱৰ্তী জীৱনতো নিজৰ সন্তানৰ হাতত একেই পৰিণতিৰ সন্মুখীন হ’ব।

Related News