জাপানৰ ইতিহাসৰ সবাটোকৈ মহান প্ৰধান মন্ত্ৰী হিচাপে চিনজ’ এবেক প্ৰশংসা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ

জাপানৰ ইতিহাসৰ সবাটোকৈ মহান প্ৰধান মন্ত্ৰী হিচাপে চিনজ’ এবেক ভূয়সী প্ৰশংসা আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। ফোনযোগে হোৱা বাৰ্তালাপৰ সময়ত ট্ৰাম্পে এই মন্তব্য প্ৰদান কৰে।

উল্লেখ্য যে যোৱা শুকুৰবাৰে শাৰিৰীক অসুস্থতাৰ বাবে শ্বিনজ’ এবেই প্ৰধান মন্ত্ৰীৰ পদৰ পৰা অব্যাহতি লয়। তেওঁ জাপানৰ প্ৰধান মন্ত্ৰী হিচাপে দীৰ্ঘকাল সেৱা আগবঢ়ায়।

ৰাষ্ট্ৰপতি ট্ৰাম্পে দেওবাৰে নিশা এবেৰ সৈতে ফোনত কথা পাতি যোৱা চাৰিবছৰত কৰা কাম-কাজ সন্দৰ্ভত আলোচনা কৰে।

হোৱাইট হাউচে এই কথা প্ৰকাশ কৰি কয়, ‍‘তেওঁলোকৰ সম্বন্ধ অসাধাৰণ আছিল বুলি দুয়োগৰাকী নেতাই মানি লয়, চিনজ’ এবেক জাপানৰ ইতিহাসৰ মহান প্ৰধান মন্ত্ৰী আখ্যা দিয়ে ৰাষ্ট্ৰপতিয়ে’।

ফোনত হোৱা বাৰ্তালাপত ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে আমেৰিকা আৰু জাপানৰ সম্বন্ধ সুদৃঢ় কৰাত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।

দীৰ্ঘদিনৰ পৰা বেমাৰত ভুগি থকাৰ বাবেই এবেই অতি শীঘ্ৰে আনুষ্ঠানিকভাৱে প্ৰধান মন্ত্ৰী পদ এৰিব।

উল্লেখ্য যে জাপানৰ শাসনাধিষ্ঠ দলে যেতিয়ালৈকে প্ৰধান মন্ত্ৰীৰ বাবে নতুন নেতা নিৰ্বাচিত নকৰে তেতিয়ালৈকে চিনজ’ এবেই প্ৰধান মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সম্ভাৱনা আছে।