অনিচ্ছাকৃতভাৱে গৰ্ভৱতী হোৱা বুলি আদালতত অৱগত কৰা এগৰাকী ৩১ বছৰীয়া মহিলা। গৰ্ভনিৰোধক ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে এই অৱস্থাৰ সৃষ্টি হয়। পূৰ্বতে তেওঁ যি সম্পৰ্কত আছিল, সেই সম্পৰ্কও শেষ হৈ গৈছে। যাইৰ বাবে শিশুৰ দায়িত্ব অকলে ল’ব নিবিছাৰিচিল। এইবোৰ কাৰণত তেওঁ চৰম মানসিক চাপত ভুগিছিল। যাৰ বাবে সকলো শুনাৰ পাছত মুম্বাই উচ্চ ন্যায়ালয়ে আবেদনকাৰীক ২৫ সপ্তাহতো গৰ্ভপাত কৰিবলৈ অনুমতি দিলে (Permits abortion after woman cites trauma)।
এই আবেদনৰ শুনানি গ্ৰহণ কৰি মুম্বাই উচ্চ ন্যায়ালয়ৰ দুগৰাকী ন্যায়াধীশ ৰেৱতী মোহিতে দেৰে আৰু নীলা গোখলেই কয় যে আবেদন কৰা যুৱতীগৰাকীয়ে এক কঠিন পৰিস্থিতিৰ মাজেৰে পাৰ হৈ আহিছে। তেওঁ এতিয়া অকলশৰীয়া, অসুস্থ আৰু মানসিকভাৱে দুৰ্বল। গতিকে গৰ্ভাৱস্থাৰ ২৫ সপ্তাহত গৰ্ভপাতৰ অনুমতি দিয়া হয়। যুৱতীগৰাকীয়ে আদালতৰ আগত লগতে কয় যে, তেওঁৰ পৰিয়ালে এতিয়াও গৰ্ভৱতী বুলি গম পোৱা নাই। পৰিয়ালে গম পালে হয়তো তেওঁক গ্ৰহণ নকৰিব। এই ভয়ৰ পৰাই তেওঁ অকলে সকলো চম্ভালি আছে।
জানিব পৰা মতে, পৰিয়ালৰ ভয়ত আৰু অধিক বিপদত পৰা বুলি শুনাই আদালতে তেওঁৰ প্ৰাক্তন সংগীকো মাতি আনিছিল। আদালতলৈ অহা লোকজনে কয় যে তেওঁ প্ৰাক্তন প্ৰেমিকাৰ চিকিৎসা আৰু আইনী খৰচৰ বাবে এক লাখ টকা দিব। লগতে প্ৰয়োজন হ’লে তেওঁৰ লগত চিকিৎসালয়লৈ যাব বুলিও কয়। আদালতে লক্ষ্য কৰি যে লোকজনে দায়িত্বশীল আচৰণ কৰিছিল আৰু যুৱতীগৰাকীৰ কাষত থকাৰ ইচ্ছা প্ৰকাশ কৰিছিল।